১০৫ কোটিটকীয়া কেলেংকাৰীঃ গ্ৰেপ্তাৰ RTI কৰ্মী বেনিন দলে আৰু ৰাজীৱ কাকতি

SCERTৰ ১০৫কোটি টকীয়া কেলেংকাৰীত পুনৰ দুজনক গ্রেপ্তাৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ। শনিবাৰে গ্ৰেপ্তাৰ হয় আৰ টি আই কৰ্মী বেনিন দলে, ৰাজীৱ কাকতি।

author-image
Asomiya Pratidin
New Update
১০৫ কোটিটকীয়া কেলেংকাৰীঃ গ্ৰেপ্তাৰ RTI কৰ্মী বেনিন দলে আৰু ৰাজীৱ কাকতি

বেনিন দলে

ডিজিটেল ডেস্কঃ SCERTৰ ১০৫কোটি টকীয়া কেলেংকাৰীত পুনৰ দুজনক গ্রেপ্তাৰ মুখ্যমন্ত্ৰী তদাৰকী কোষৰ। শনিবাৰে গ্ৰেপ্তাৰ হয় আৰ টি আই কৰ্মী বেনিন দলে, ৰাজীৱ কাকতি। অভিযোগ অনুসৰি বেনিন দলেয়ে ৫ লাখ টকা লৈছিল শেৱালি দেৱী শৰ্মাৰ পৰা আৰু ৰাজীৱ কাকতিয়ে লৈছিল ৭ লাখ টকা।

Advertisment

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল বহু আৰ টি আই কৰ্মীৰ লগতে সাংবাদিকৰ নাম।এই কেলেংকাৰীত দুগৰাকী সাংবাদিকৰ লগতে গ্ৰেপ্তাৰ হৈছে ৰাজনৈতিক নেতাও।

তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই কেলেংকাৰীত প্ৰায় ১২ গৰাকীকৈ সাংবাদিক আৰু আৰ টি আই কৰ্মী জড়িত হৈ আছে। যি কেইজন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তেওঁলোকৰ একাউন্টত টকা চৰকাৰৰ একাউন্টৰ পৰা ট্ৰান্সফাৰ হৈছিল।

 আই এ এছ বিষয়া শেৱালী দেৱীয়ে কন্য়া, জোঁৱাইৰ সৈতে লগ-লাগি বৃহৎ কেলেংকাৰী সংঘটিত কৰিছিল। পলায়ন কৰি থকা শেৱালী দেৱীক পৰৱৰ্তী সময়ত ৰাজস্থানৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল জোঁৱায়েকসহ আন দুজনকো। সমান্তৰালকৈ গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল শেৱালী দেৱী শৰ্মাৰ জীয়ৰীকো।

শেৱালী দেৱীৰ জেৰাতে পোহৰলৈ আহে এই কেলেংকাৰীৰ সময়চোৱাত শেৱালী দেৱীক ব্লেকমেইল কৰি দাবী কৰা ধন আদায় কৰিছিল সাংবাদিক, আৰ টি আই কৰ্মী কেইগৰাকীয়ে। এই কেলেংকাৰীত প্ৰতিষ্ঠিত সংবাদ মাধ্যমৰ সাংবাদিকো জড়িত থকাৰ অভিযোগ আছে।

Also Read: তামুলপুৰত ফুড কোৰ্টৰ আধাৰশিলা স্থাপন...

SCERT