ভি আৰ এছ দিয়াৰ নামত ৰঙিয়াৰ এপলত বৃহৎ কেলেংকাৰী

ৰঙিয়া এপল মিলৰ কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ নামত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । কামপুৰ চেনিকল, ষ্টেটফেড, কুশল কোঁৱৰ সূতা কলৰ পিছত মৃত্যু ঘন্টা বাজিছিল ৰঙিয়া এপলৰ ।

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এই মুহুৰ্তৰ খবৰ

ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়া এপল মিলৰ কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ নামত এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । কামপুৰ চেনিকল, ষ্টেটফেড, কুশল কোঁৱৰ সূতা কলৰ পিছত মৃত্যু ঘন্টা বাজিছিল ৰঙিয়া এপলৰ । সমগ্ৰ ভাৰততে নিজৰ সামগ্ৰীৰ দ্বাৰা সৰ্ব চৰ্চিত হৈ পৰা এপল সমবায় বিভাগৰ গাফিলতিৰ বাবে মৃত্যু মুখৰ যাত্ৰী হ'ল।

Advertisment

মিলটোৰ মৃত্যুৰ সমান্তৰালকৈ উত্থাপিত হৈছে আন এক অভিযোগ। মিলত কৰ্মৰত বিষয়া কৰ্মচাৰীক ভি আৰ এছ দিয়াৰ নামত এক চক্ৰই কেলেংকাৰী সংঘটিত কৰিছে বুলি অভিযোগ তোলা হৈছে। কৰ্মচাৰী সকলক ভি আৰ এছৰ বাবে চাৰ্টাৰত একাউণ্টতে প্ৰস্তুত কৰা হিচাপ অনুসৰি প্ৰথমে ৩৩ কোটি আৰু পাছত ৩০ কোটি টকাৰ হিচাপ দিয়া বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ৩০ কোটি টকাৰ প্ৰথম কিস্তিৰ ৩৬.১২ শতাংশ ধন ১২কোটি বিতৰণ কৰা হৈছে। লক্ষণীয় যে ৩০,৫৯,৭০,৯২১কোটি টকাৰ ৩৬.১২ শতাংশ হিচাপ কৰিলে দেখা যায় যে প্ৰায় ১ কোটি টকা ধন ৰহস্যজনক ভাৱে ভি আৰ এছ দিয়াৰ নামত গোপনে হৰলুকি হৈছে। এই ধন কোনে জেপত ভৰালে তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিছে মিলটোৰ বিষয়া কৰ্মচাৰীৰ মাজত। সেয়েহে এই সমগ্ৰ বিষয়টো উপযুক্ত তদন্তৰ দাবী তুলিছে মিলটোৰ কৰ্মচাৰী সকলে।

assam rangia