/asomiyapratidin/media/media_files/2025/02/08/6D0zR9WkNcGMGYHPzmmG.jpg)
ডিজিটেল সংবাদ,ছয়দুৱাৰ: গহপুৰ লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়া,অভিযন্তা, ক্ষেত্ৰ সহায়ক আৰু গহপুৰ মহকুমা কৃষি বিভাগৰ একাংশ কৃষি পৰিদৰ্শক আৰু গ্ৰাম সেৱকৰ বুদ্ধি-পৰামৰ্শ মতে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ নিৰ্মাণ হ'বলগীয়া স্থানৰ মাটিৰ ওপৰত নিশাটোৰ ভিতৰতে গঢ় লৈ উঠিছে বৃহৎ বৃহৎ পকী ঘৰ,বাউণ্ডেৰী ৱাল,শৌচালয়,গা-ধোৱা ঘৰ আৰু তামোল-নাৰিকলৰ বাৰী। ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ'বলগীয়া ১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গহপুৰ-নুমলীগড় সুৰংগ পথটোৰ আৰম্ভণি গহপুৰ ৰাজহ চক্ৰৰ বাদলপথাৰত আৰম্ভ হ'ব।
গহপুৰ ৰাজহ চক্ৰৰে এক নং তিনিচুকীয়াত সুৰংগটো আৰম্ভ হৈ শেষ হ'ব নুমলীগড়ৰ এলামী চাপৰিত।এই সুৰংগ পথটোৱে গহপুৰৰ ১৪ খন গাঁও আৰু নুমলীগড়ৰ ৭ খন গাঁও স্পৰ্শ কৰিব। গহপুৰ ৰাজহ চক্ৰৰ উক্ত গাঁওসমূহত জৰীপৰ নামত গহপুৰ লোকনিৰ্মাণ বিভাগ আৰু গহপুৰ মহকুমা কৃষি বিভাগে সংঘটিত কৰা ব্যাপক কেলেংকাৰীৰ বিষয়ে অসমীয়া প্ৰতিদিনত বাতৰি প্ৰকাশ পোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ গহপুৰত।
চৰকাৰী ক্ষতিপূৰণৰ বাবদ গহপুৰ লোকনিৰ্মাণ বিভাগ আৰু গহপুৰ কৃষি বিভাগে চলোৱা জৰীপৰ সমানে সমানে গহপুৰ ৰাজহ চক্ৰৰ উক্ত স্থানসমূহত নিশাটোৰ ভিতৰতে গঢ় লৈ উঠা বৃহৎ বৃহৎ পকী ঘৰ, বাউণ্ডেৰী ৱাল, শৌচালয়, গা-ধোৱা ঘৰ আৰু তামোল-নাৰিকলৰ বাৰী স্থাপন কৰাৰ আঁৰত আছে চৰকাৰী ভাবে পাবলগীয়া ক্ষতিপূৰণৰ আগতীয়া হিচাপ-নিকাচৰ অংক।
অভিযোগ মতে-সুৰংগ নিৰ্মাণৰ বাবে প্ৰস্তুত হোৱা মেপৰ নিৰ্ধাৰিত ভূমিত শেহতীয়াকৈ নিৰ্মাণ কৰা পকী ঘৰ আৰু বাউণ্ডেৰী ৱালৰ বাবদ ঘৰৰ গৰাকীয়ে যি ক্ষতিপূৰণ লাভ কৰিব সেই ক্ষতিপূৰণৰ ধন ভাগ-বটোৱাৰা হ'ব গহপুৰ লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা একাংশ বিষয়া,অভিযন্তা আৰু ক্ষেত্ৰ সহায়কৰ মাজত। উভয় পক্ষৰ মাজত আগতীয়াকৈ হোৱা বুজাবুজি অনুসৰিয়েই এতিয়া গহপুৰ ৰাজহ চক্ৰৰ উক্ত স্থানসমূহত দিনে নিশাই চলিছে গৃহ নিৰ্মাণৰ যুদ্ধকালীন তৎপৰতা।
অতি নিম্ম মানদণ্ডৰে নিৰ্মাণ কৰা এই ঘৰসমূহত ৰডৰ পৰিবৰ্তে লগোৱা হৈছে বাঁহৰ কামি। অভিযোগত প্ৰকাশ পোৱা মতে-ক্ষতিপূৰণৰ পৰিমাণ অধিক বৃদ্ধি পোৱাৰ লোভত একাধিক গৃহত বৈদ্যুতিকীকৰণ কৰা দেখুওৱাবলৈ বিদ্যুৎ পৰিবাহী তাঁৰ নলগোৱাকৈ কেৱল মাত্ৰ পাইপ লগোৱা হৈছে। ৰাস্তা-পদূলি নথকা স্থানতো সজা হৈছে পকী ঘৰ আৰু তামোল-নাৰিকলৰ বাৰী।
একেদৰে গহপুৰ মহকুমা কৃষি বিভাগৰ সংশ্লিষ্ট এলেকাৰ দায়িত্বত থকা একাংশ কৃষি পৰিদৰ্শক আৰু গ্ৰামসেৱকৰ গোপন মন্ত্ৰণাত চলিছে তামোল আৰু নাৰিকলৰ বাৰী পতাৰ অঘোষিত প্ৰতিযোগিতা। তামোল আৰু নাৰিকলৰ বাৰীৰ বিনিময়ত পাবলগীয়া চৰকাৰী ক্ষতিপূৰণৰ ধনৰ অংশ ভাগ বাটোৱাৰা কৰাৰ গোপন বুজাবুজি কৰি কৃষি বিভাগৰ কৃষি পৰিদৰ্শক আৰু গ্ৰামসেৱকৰ বুদ্ধি পৰামৰ্শত সুৰংগ নিৰ্মাণ হ'বলগীয়া গহপুৰ ৰাজহ চক্ৰৰ উক্ত স্থানসমূহত এতিয়া গঢ় লৈ উঠিছে ইখনৰ পিছত সিখনকৈ তামোল-নাৰিকলৰ বাৰী।
যিবোৰ চৰকাৰী ভূমি সৌ সিদিনালৈকে পৰিত্যক্ত অৱস্থাত আছিল সেই সমূহ চৰকাৰী ভূমিৰ একাধিক স্থানত এতিয়া নিশাটোৰ ভিতৰতে স্থাপন হৈছে পকী ঘৰ আৰু তামোল-নাৰিকলৰ বাৰী। এনেদৰে ভয়ংকৰ ঠগ-প্ৰবঞ্চনা আৰু জালিয়াতিৰে ৰাজকোষৰ ধন লুণ্ঠন কৰিবলৈ এখন বৃহৎ জাল তৈয়াৰ কৰা এই কেলেংকাৰীৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ যেন এতিয়া সময়-সুবিধাৰ অভাৱ প্ৰশাসন যন্ত্ৰৰ।
দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এইক্ষেত্ৰত যদি এক উচ্চ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰে তেন্তে গহপুৰ লোক নিৰ্মাণ বিভাগ আৰু গহপুৰ মহকুমা কৃষি বিভাগৰ বহু কেইজন বিষয়া,অভিযন্তা, ক্ষেত্ৰ সহায়কৰ লগতে কৃষি পৰিদৰ্শক আৰু গ্ৰামসেৱক জালত পৰাতো এশ শতাংশ নিশ্চিত বুলি দাবী কৰিছে গহপুৰৰ সচেতন ৰাইজে।