ডিজিটেল সংবাদ, মেৰাপানী : বিদ্যুতৰ খুঁটা সংস্থাপনৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী। বিভাগীয় প্ৰাক্কলনক জলাঞ্জলি দি ৰাজ্যৰ গাঁৱে ভূঁঞে ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ মাজেৰে সংস্থাপন কৰা হৈছে লাখ লাখ বিদ্যুতৰ খুঁটা।
কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি অসম শক্তি বিতৰণ কোম্পানীৰ অধীনত এতিয়া নীতি বৰ্হিভূতভাৱে বিদ্যুতৰ খুঁটা পুতি কোটি কোটি টকা লুন্ঠন চলাইছে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে। বিশেষকৈ গোলাঘাট জিলাত গাঁৱে গাঁৱে এতিয়া সংস্থাপন কৰি থকা ষ্টিলৰ বৈদ্যুতিক খুঁটাসমূহৰ সংস্থাপন প্ৰক্ৰিয়া প্ৰত্যক্ষ কৰি চকু কপালত উঠিছে সৰ্বসাধাৰণৰ।
বিভাগীয় নিৰ্দেশনা অনুসৰি প্ৰতিটো ষ্টিলৰ খুঁটা পোতাৰ সময়ত তলত ৫ বেগ চিমেন্ট, ১০ বেগ শিলগুটি আৰু ২০ বেগ বালিৰ সংমিশ্ৰণেৰে ঢালাই দিব লাগে। কিন্তু ঠিকাদাৰী পক্ষই এই সকলো নিয়ম ভৰিৰে মোহাৰি সামান্য পৰিমাণৰ চেণ্ড গ্ৰেভেলৰ সৈতে নামমাত্ৰ চিমেন্ট ব্যৱহাৰ কৰি খুঁটা পোতাৰ কাম অৱ্যাহত ৰাখিছে।
এটা খুঁটা পোতাৰ সময়ত ৫ বেগ চিমেন্টৰ পৰিৱৰ্তে ১ বেগ চিমেন্টৰে তিনি চাৰিটাকৈ খুঁটা পোতাৰ কথা স্বীকাৰ কৰিছে খোদ ঠিকাদাৰী প্ৰতিষ্ঠানৰ শ্ৰমিকে। ইফালে খুঁটাসমূহ পোতাৰ সময়ত এটা খুঁটাতো বালিৰ ব্যৱহাৰ কৰা নাই ঠিকাদাৰী প্ৰতিষ্ঠানে।
সম্প্ৰতি মেৰাপানী আৰু ঘিলাধাৰীত নিৰ্মাণকাৰ্য্য চলি থকা বিদ্যুৎ উপ কেন্দ্ৰলৈ মাটিখোলা উপ কেন্দ্ৰৰ পৰা বিদ্যুৎ সৰবৰাহৰ বাবে কেইবা হাজাৰ ষ্টিলৰ খুঁটা সংস্থাপন প্ৰক্ৰিয়া চলি আছে। এনে প্ৰতিটো খুঁটা পোতাৰ নামত সংশ্লিষ্ট ঠিকাদাৰ পক্ষই বিভাগীয় নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ঠিকাদাৰ পক্ষৰ এনে অনিয়ম দেখিও শক্তি বিভাগৰ বৰমূৰীয়াসকল নীৰৱে থকা কাৰ্যয়েও একপ্ৰকাৰ ৰহস্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,ৰাজ্যৰ ১৯ খন জিলাত ৫ লাখৰো অধিক এনে বিদ্যুতৰ খুঁটা পোতাৰ কাম বৰ্তমান অৱ্যাহত আছে।
তেনেস্থলত এনে অনিয়মৰ মাজেৰে কোটি কোটি টকাৰ ধন ঠিকাদাৰী প্ৰতিষ্ঠানসমূহে লুণ্ঠন চলোৱাটো নিশ্চিত হৈ পৰিছে। এইক্ষেত্ৰত যথোচিত তদন্ত কৰিলে জোলোঙাৰ মেকুৰী বাহিৰ হোৱাৰ সম্ভাৱনা আছে।