/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/dde9fff4-fd21-42c3-92c6-bd7f515890fd/mnrega.jpg)
ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙা অঞ্চলত বুঢ়া লুইতে চলাইছে তাণ্ডৱলীলা । আন্ত: ৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ, বি এছ এফ কেম্পৰ লগতে সীমান্ত সংযোগী পথ যিকোনো মুহূৰ্তত নদীয়ে উটুৱাই নিব পাৰে । ক্ৰমাৎ ভয়াৱহ হৈ উঠা পৰিস্থিতিৰ ওপৰত প্ৰস্তুত কৰা হোৱা প্ৰতিবেদনৰ পাছতেই জিলা পৰিষদৰ পৰা এম জি এন ৰেগা আঁচনিৰ জৰিয়তে তৎকালীন ভাবে প্ৰথম পৰ্যায়ত খহনীয়া প্ৰতিৰোধৰ বাবে আবন্টন দিয়া হয় ৪৯ লাখ ৭১ হেজাৰ ২৩২ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/bb48583d-93c0-4a31-abdc-6e6848b86861/Screenshot__68_.png)
জিলা পৰিষদৰ সভানেত্রী মেৰিনা খান, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এফ আৰ লস্কৰ, ফেকামাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতাই এই কামৰ আধাৰশিলা স্থাপন কৰিয়েই আৰম্ভ কৰে কাম । প্ৰায় ৫০ লাখ টকাৰ এই boulder protection ৰ কামত মাত্ৰ ৫০ গাড়ী পাথৰ পেলাই ৰহস্য জনক ভাবে কাম বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। ফলত বিক্ষোভ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে জনতাৰ মাজত । তাৰ পাছতেই বৃহস্পতি বাৰে স্থানীয় ৰাইজে জিলা পৰিষদৰ সভানেত্রীৰ বিৰুদ্ধে নদীৰ পাৰত বিভিন্ন শ্লোগান দি কামৰ তদন্তৰ দাবী কৰে । আন্তৰাষ্ট্ৰীয় সীমান্তৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায় স্থানীয় ৰাইজে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/75692455-b19c-4b6c-b5af-8f30e6aa413f/Screenshot__69_.png)
উল্লেখ্য যে, সীমান্তত খহনীয়াৰ স্থায়ী প্ৰতিৰোধ নকৰিলে যিকোনো মুহূৰ্তত ভাৰত বাংলাদেশ সীমান্ত তথা সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ বুঢ়া লুইতৰ বুকুত জাহ যাব পাৰে। ফলত হেজাৰ হেজাৰ পৰিয়াল গৃহহীন হোৱাৰ লগতে দেশৰ নিৰাপত্তাৰ প্ৰতিও আহিব চৰম ভাবুকি। এনে পৰিস্থিতিৰ মাজত জিলা পৰিষদে খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰি কেৱল আঁচনিৰ ধন আত্মহাত কৰাৰ বাবে MGNREGA আঁচনিৰ নামত লাখ লাখ টকা হৰলুকী কৰিবলৈ চেষ্টা কৰিছে নেকি জিলা পৰিষদে।