মঙলদৈৰ সঞ্জীৱ কুমাৰ নাথক এছ বি আইৰ উপ-মহাপ্ৰবন্ধক হিচাপে পদোন্নতি...

মঙলদৈৰ সঞ্জীৱ কুমাৰ নাথক এছ বি আইৰ উপ-মহাপ্ৰবন্ধক হিচাপে পদোন্নতি...

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ মঙলদৈৰ মিলনপুৰ নিবাসী স্বৰ্গীয় ভদ্ৰকান্ত নাথ আৰু ৰাজেশ্বৰী দেৱীৰ পুত্ৰ ভাৰতীয় ষ্টেট বেংকৰ প্ৰবেচনাৰী অফিচাৰ হিচাপে কৰ্মৰত সঞ্জীৱ কুমাৰ নাথে পদোন্নতি লাভ কৰি ভাৰতীয় ষ্টেট বেংকৰ উপ মহাপ্ৰৱন্ধক পদত অধিষ্ঠিত হৈছে।

উল্লেখ্য যে দেশৰ অন্যতম বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকৰ দৰে অনুষ্ঠানত কাৰ্যনিৰ্বাহ কৰি বিভাগীয় পদোন্নতি লাভ কৰা সঞ্জীৱ কুমাৰ নাথ দৰং জিলাৰ প্ৰথম গৰাকী ব্যক্তি। জিলাখনৰ একালৰ মেধাৱী ছাত্ৰ নাথৰ জন্মস্থান মঙলদৈৰ মিলনপুুৰৰ লগতে জিলাখনৰ জনসাধাৰণৰ মাজত আনন্দৰ পৰিবেশ বিৰাজ কৰিছে।

১৯৯৮ চনত কটন মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত 'বেষ্ট গ্ৰেজুৱেট' হিচাপে সফলতা অৰ্জন কৰাৰ লগতে ২০০১ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গণিত বিষয়ত জি আৰ এফ ডিগ্ৰী লাভ কৰি সঞ্জীৱ কুমাৰ নাথে ২০০২ চনত ভাৰতীয় ষ্টেট বেংকৰ প্ৰবেছনাৰী বিষয়া হিচাপে চাকৰিত যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে ।

এইসময়ছোৱাত তেওঁ অসম, অৰুণাচল, ত্ৰিপুৰা, মিজোৰামকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভালেমান ঠাইত সেৱা আগবঢ়োৱাৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ ডাৰবান চহৰতো কৰ্মৰত আছিল। সঞ্জীৱ কুমাৰ নাথ এগৰাকী বেংক বিষয়া হোৱাৰ লগতে এগৰাকী সুলেখক আৰু সামাজিক ভাৱে সক্ৰিয় ব্যক্তি হিচাপেও পৰিচিত।

তদুপৰি তেওঁ ১৯৯৬-৯৭ চনত কটন মহাবিদ্যালয়ৰ আলোচনী বিভাগৰ সম্পাদকো আছিল। সঞ্জীৱ কুমাৰ নাথ বৰ্তমান দিছপুৰত থকা এছ বি আইৰ কাৰ্যালয়ত কৰ্মৰত। নাথৰ চাকৰি জীৱনৰ এই সফলতাৰ বাবে মিলনপুৰ উন্নয়ন সমিতি, মিলনপুৰ সেউজ পথ উন্নয়ন সমিতি, মঙলদৈ কেন্দ্ৰীয ৰঙালী বিহু সন্মিলনী, মঙলদৈ প্ৰেছ ক্লাৱ আদি অনুষ্ঠানে তেওঁক শুভেচ্ছা জ্ঞাপন কৰি তেঁওৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।

মঙলদৈৰ সঞ্জীৱ কুমাৰ নাথক এছ বি আইৰ উপ-মহাপ্ৰবন্ধক হিচাপে পদোন্নতি...
এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বিপেন বড়োৰ পিতৃৰ আদ্য শ্ৰাদ্ধত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in