/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/02a547da-d70d-4cc7-8bb6-7718f5d4594d/WhatsApp_Image_2022_09_10_at_3_49_18_AM.jpeg)
SBI SBI
ডিজিটেল সংবাদ বটদ্ৰৱাঃ ভাৰতীয় ষ্টেট বেংকৰ ক'ৰ্পৰেট সামাজিক দ্বায়বদ্ধতা (Corporate social responsibility) কাৰ্যসূচীৰ অধীনত আজি নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ ৰাইডঙীয়া শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়খনিক ৬.৫০ লাখ টকা ব্যয়েৰে ডিজিটেল ক্লাছৰুম, ডিজিটেল লাইব্ৰেৰী সংলগ্ন কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰি এখনি আধুনিক বিদ্যালয়লৈ ৰূপান্তকৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়।
নগাঁৱৰ বৰঘাটত অনুষ্ঠিত ষ্টেট বেংক অফ ইণ্ডিয়াৰ এই কৰ্পৰেট সামাজিক দ্বায়বদ্ধতা (CSR) কাৰ্যসূচী শুভাৰম্ভণি কৰি ষ্টেট বেংক অফ ইণ্ডিয়াৰ উত্তৰপূৱ সংমণ্ডলৰ মুখ্য মহা প্ৰৱন্ধক অৰবিন্দ কুমাৰ সিংহই -"পিছপৰা অঞ্চলটোৰ ৬০ গৰাকী দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা ৰাইডঙীয়া শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়খনিক চহৰাঞ্চলৰ বিদ্যালয়ৰ দৰে এখনি স্মাৰ্ট স্কুল হিচাপে গঢ় দি ৰাজ্যৰ ভিতৰতে শ্ৰেষ্ঠ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে এই ৬ লাখ ৫০ হাজাৰ টকা আগবঢ়োৱা হৈছে'' বুলি মত প্ৰকাশ কৰে।
উক্ত অনুষ্ঠানতে ষ্টেট বেংক অফ ইণ্ডিয়াৰ ক'ৰ্পৰেট সামাজিক দ্বায়বদ্ধতা কাৰ্যসূচীৰ অধীনতে সাংস্কৃতিক ক্ষেত্ৰত নগাঁৱলৈ আৱদান আগবঢ়োৱা নগাঁও চহৰৰ ফৌজদাৰী পট্টীৰ কলা মন্দিৰলৈ ১০ কে ভি এ (KVA) এটি জেনেৰেটৰ ছেট প্ৰদান কৰা হয়। ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব সংমণ্ডলৰ মহাপ্ৰৱন্ধক সুৰঞ্জনা দত্ত, নগাঁও ক্ষেত্ৰীয় ব্যৱসায়ীক কাৰ্যালয়ৰ সহ মহাপ্ৰৱন্ধক ৰঞ্জিত কুমাৰ দত্তকে প্ৰমুখ্য কৰি ভাৰতীয় ষ্টেট বেংকৰ নগাঁও জিলাৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুধেন চন্দ্ৰ বৰাই ভাৰতীয় ষ্টেট বেংকৰ দৰে বিশ্বৰ ভিতৰতে বিশাল প্ৰতিষ্ঠানটোৱে গাঁৱৰ শিশুসকলৰ সপোন বাস্তৱায়িত কৰাৰ যি প্ৰয়াস কৰিছে তাৰ বাবে আমি ধন্য হৈছোঁ বুলি মন্তব্য প্ৰদান কৰে।
ইফালে নগাঁও কলা মন্দিৰৰ উপদেষ্টা তথা বিশিষ্ট সাহিত্যিক শিৱানন্দ কাকতিয়ে ষ্টেট বেংকে সমাজৰ সকলো শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কৰে। বিশেষকৈ সমাজত নীৰৱে নীৰলে কৰা কামৰ যি স্বীকৃতি দিছে ই সঁচাকৈ প্ৰেৰণাদায়ক। বুলি মন্তব্য কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us