ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত দক্ষিণ শালমাৰাত ৯ খন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত দক্ষিণ শালমাৰাত ৯ খন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

author-image
asomiyapratidin
New Update
ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত দক্ষিণ শালমাৰাত ৯ খন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি…

ডিজিটেল সংবাদ,মানকাচৰ:দেশ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত মংগলবাৰে দক্ষিণ শালমাৰাৰ শালকাটা আৰু নস্কৰা গাওঁ পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়।

Advertisment

উল্লেখযোগ্য যে,দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা উন্নয়ন খণ্ডৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ দক্ষিণ শালমাৰা খণ্ড অভিযান পৰিচালনা শাখাৰ জৰিয়তে ঘৰে ঘৰে ত্ৰিৰঙ্গা আঁচনিৰ অধীনত শালকাটা গাওঁ পঞ্চায়ত আৰু নস্কৰা গাঁও পঞ্চায়তত মংগলবাৰে এটাকৈ ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। এতিয়ালৈ দক্ষিণ শালমাৰা খণ্ড অভিযান পৰিচালনা শাখাৰ অধীনত মুঠ ১৩ খন গাওঁ পঞ্চায়তৰ ভিতৰত ৯ খন গাওঁ পঞ্চায়তত এই ঘৰে ঘৰে ত্ৰিৰঙ্গা আচনিৰ ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে।

অহা ১৩ আগষ্টৰ পৰা প্ৰতিটো গাওঁ পঞ্চায়তৰ প্ৰতিটো ঘৰে ঘৰে যাতে তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আজাদী কা অমৃত মহোৎসৱ উলহ মালহেৰে উদযাপন কৰা হয় তাৰ বাবে চৰকাৰে এইদৰে প্ৰতিখন গাওঁ পঞ্চায়তত ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰি আহিছে। এই ত্ৰিৰঙ্গা মুকলি কেন্দ্ৰত সাধাৰণ লোকে সুলভ মুল্যত ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰি ঘৰত উত্তোলন কৰিব পাৰিব বুলি অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ দক্ষিণ শালমাৰা খণ্ড পৰিচালনা শাখাৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক মনোৱাৰ হুছেইন মোল্লাই জানিবলৈ দিয়ে।

আনহাতে ঘৰে ঘৰে ত্ৰিৰঙ্গা আচনিৰ অধীনত সকলো লোকে যাতে সুলভ মুল্যত ৰাষ্ট্ৰীয় পতাকা ক্ৰয় কৰি ১৩ আগষ্টৰ পৰা নিজৰ ঘৰত পতাকা উত্তোলন কৰি আজাদী কা অমৃত মহোৎসৱ পালন কৰিবলৈ নস্কৰা গাওঁ পঞ্চায়তৰ সভাপতি আমিনুৰ ৰহমানে ৰাইজক আহ্ববান জনায়।

আৰু পঢক:লখিমপুৰ আজাদ বাহপাতি তিনিআলিত ত্ৰিৰংগা প্ৰস্তুত ও বিক্ৰী কেন্দ্ৰ…

assam SouthSalmara