শ্ৰী সত্য সাই বাবাৰ জন্ম দিৱস উদযাপন

শ্ৰী সত্য সাই বাবাৰ জন্ম দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
শ্ৰী সত্য সাই বাবাৰ জন্ম দিৱস উদযাপন

ডিজিটেল ডেস্কঃ প্ৰত্যেক বাৰৰ দৰে এইবাৰও শ্ৰী সত্য সাই সেৱা সমিতি,গুৱাহাটীৰ উদ্যোগত ২৩ নৱেম্বৰত ভগৱান শ্ৰী সত্য সাই বাবাৰ ৯৮ তম জন্ম দিৱস অতি উলহ মালহেৰে যোৰপুখুৰীস্থিত সাধনা নিলয়মত পালন কৰা হয়।

Advertisment

পুৱা ৪.৩০ বজাত ওঁকাৰম,সুপ্ৰভাতম আৰু নগৰ সংকীৰ্তনেৰে এই অনুষ্ঠানৰ শুভ আৰম্ভ কৰা হয়। ৮.৩০ বজাত পতাকা উত্তোলন কৰে অসম অৰুণাচল আৰু মেঘালয়ৰ ৰাজ্যিক সভাপতি গকুল চন্দ্ৰ দাস দেৱে। ৯.০০ বজাত মহিলা ভক্ত সকলৰ দ্বাৰা অভিষেকৰ বাবে পৱিত্ৰ পানী তোলা কাৰ্য্য সম্পন্ন কৰা হয়।

১০.০০ বজাত সকলো ভক্তৰ উপস্থিতিত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত স্বামীৰ বেদীৰ সন্মুখত অষ্টোত্তৰ সতনাম আৰু লখ্যাৰ্চনা কৰা হয়। ১১.০০ বজাৰ পৰা অভিষেক পূজা আৰম্ভ কৰা হয়। স্বামীৰ এই পৱিত্ৰ পূজা সাই ভাতৃ দিলীপ দত্ত আৰু তেওঁৰ সহধৰ্মীনি ৰূপজ্যোতি দত্তৰ দ্বাৰা সম্পন্ন কৰা হয়। পূজাৰ পাছত স্বামীৰ অভিষেক পূজাত অগণন ভক্তই যোগদান কৰি স্বৰ্গীয় তৃপ্তি লাভ কৰে। ১২.০০ বজাৰ পৰা মহানাৰায়ান সেৱা আৰম্ভ হয়। গুৱাহাটী ৰেলৱে ষ্টেচন আৰু লগতে মন্দিৰ প্ৰাংগনত সৰ্বমুঠ প্ৰায় ২০০০ নাৰায়নক সেৱা কৰাৰ বিৰল সুবিধা লাভ কৰা হয়।

     আবেলি ৪.৩০ বজাত বাল বিকাশৰ শিশুৰ দ্বাৰা স্বামীৰ জন্মদিনৰ কেক কটা হয়।গোটেই মন্দিৰ প্ৰাংগনত ৯৮ গছি মাটিৰ চাকি জ্বলাই সম্পূৰ্ণ প্ৰাংগন উজলাই তুলি এক ময়াময় পৰিবেশৰ সৃষ্টি কৰা হয়। ইয়াৰ পিছত ৫ বজাৰ পৰা ৫.৩০ বজালৈ বেদপাঠ আৰু ৫.৩০ বজাৰ পৰা ৭ বজালৈ জন্ম দিৱসৰ বিশেষ ভজন অনুষ্ঠিত কৰা হয়। স্বামীৰ দিব্য বাণী পাঠ কৰে কনক চন্দ্ৰ দাস দেৱে।স্বামীৰ বেদীত আৰতি প্ৰদান কৰে সৌমিত্ৰ শইকীয়া, প্ৰণৱ চাংকাকতি, শিশিৰ শইকীয়া আৰু অঞ্জন তালুকদাৰে। শেষত বিভূতি প্ৰদান আৰু প্ৰসাদ বিতৰনেৰে এই  সুন্দৰ অনুষ্ঠানটিৰ সামৰণি মৰা হয়।

Also Read: কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উৎসৱ আৰম্ভ