/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/a0df05b1-5036-495c-83b9-1518c2ad7ea5/fsdfdsfds.jpg)
ডিজিটেল সংবাদ,কলিয়াবৰ: "অসমীয়া ভাষা অসমীয়া মাধ্যমৰ বিদ্যালয়েই জীয়াই ৰাখিব"- এই মন্তব্য বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ড০ স্বাধীনতা মহন্তৰ। কলিয়াবৰৰ কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰৰ পৰা তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা মহাৰজত জয়ন্তী উৎসৱৰ আজি মুকলি সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰি এই মন্তব্য কৰে বিশিষ্ট সাহিত্যিক ড০ স্বাধীনতা মহন্তই ।
মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভা খনিত প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই ভাষণ দিয়ে। ইয়াৰ আগেয়ে বিদ্যালয় খনৰ লগত জড়িত প্ৰাক্তন শিক্ষক- শিক্ষয়িত্ৰী, কৰ্মচাৰী ক্ৰমে তীৰ্থ নাথ শৰ্মা, খগেন্দ্ৰ নাথ শৰ্মা, গকুলেশ্বৰ গোস্বামীৰ পৰিয়াল বৰ্গ, প্ৰভাত চন্দ্ৰ গোস্বামী, নৰেন্দ্ৰ নাথ হাজৰিকা, নৰেন্দ্ৰ নাথ বৰা, দেহ বৰা, হেমকান্ত বৰা, যোগদা শ ইকীয়া, ৰীণা ভট্টাচাৰ্য্য, ৰীণা দেৱী, বীণাপাণি মহন্ত, উৰ্মিলা শ ইকীয়া, বীনামাই হাজৰিকা, ইনতাজ আলি, খৰ্গেশ্বৰ বৰা, বিচিত্ৰ নাৰায়ণ বৰা, ইন্দ্ৰ মোহন শৰ্মা, নিৰ্মালি গগৈ, বিহুৰাম বৰা, খৰ্গেশ্বৰ গোস্বামী পৰিয়াল বৰ্গ আদিক মন্ত্ৰী কেশৱ মহন্তই বিশেষ ভাৱে সম্বৰ্দ্ধনা জনায়।
উল্লেখ্য যে, কলিয়াবৰৰ দ্বিতীয়খন পুৰণি শিক্ষানুষ্ঠান পূৰ্বৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু বৰ্তমানৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খনিয়ে ইতিমধ্যে গৌৰৱোজ্জ্বল ৭৫ টা বছৰ অতিক্ৰম কৰিছে। সেই উপলক্ষে আজিৰে পৰা আয়োজন কৰা মহাৰজত জয়ন্তী উৎসৱৰ পুৱা বিদ্যালয় খনিৰ প্ৰাক্তন ছাত্ৰ তথা মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি, স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ লগতে কলিয়াবৰৰ বিশিষ্ট ব্যক্তি সকলে মাঙ্গলিক পৰিবেশত পুৱা ৭৫ খন পতাকা উত্তোলন কৰি মহাৰজত জয়ন্তী উৎসৱৰ শুভাৰম্ভণি কৰে।
ইয়াৰ পাছতে শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক কংকণ জ্যোতি বৰুৱাই। স্মৃতি তৰ্পণৰ লগতে বীৰ লাচিতৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ন কৰা হয়। দুপৰীয়া প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচনৰ পাছতে মুকলি সভা অনুষ্ঠিত হয়। মহাৰজত জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি কেশৱ মহন্তৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় । অধ্যক্ষ অম্লান গোস্বামীয়ে আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰে।
ইফালে কাইলৈ পুৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়নৰ পাছতে সতীৰ্থ সন্মিলনৰ প্ৰথম চ'ৰা অনুষ্ঠিত হ'ব। সন্মিলন উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। বিয়লি সতীৰ্থ সন্মিলনৰ দ্বিতীয় চ'ৰা অনুষ্ঠিত হ'ব। নিশাৰ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নবীন বৰঠাকুৰে। মহাৰজত জয়ন্তী উৎসৱৰ সামৰণি পৰিব ২৬ নৱেম্বৰত।
Also Read: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মায়ং, শিলচৰত, চৰাইদেউতো উদযাপন লাচিত দিৱস