হাটশিঙিমাৰীত জিলা চিকিৎসালয় উদ্ধোধন মন্ত্ৰী কেশৱ মহন্তৰ...

হাটশিঙিমাৰীত জিলা চিকিৎসালয় উদ্ধোধন মন্ত্ৰী কেশৱ মহন্তৰ...

ডিজিটেল সংবাদ, হাটশিঙিমাৰী : শনিবাৰে হাটশিঙিমাৰীত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে হাটশিঙিমাৰী জিলা চিকিৎসালয়। ২২ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ কৰা হৈছে জিলা চিকিৎসালয়খন। ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ কাম আৰম্ভ হোৱাৰ পাচত ২০২০ চনৰ জুন মাহত চিকিৎসালয় নিৰ্মাণ কাম সম্পন্ন হয়। কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ জনে ২২ চনৰ ২০ অক্টোবৰ তাৰিখে চিকিৎসালয়খন হস্তানন্তৰ কৰি দিয়াৰ পাছত শনিবাৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে।

হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয়ৰ কাষত এই জিলা চিকিৎসালয় খন নিৰ্মাণ কৰা হৈছে। এতিয়াৰ পৰা হাটশিঙিমাৰী মহকুমা অসামৰিক চিকিৎসালয় আৰু জিলা চিকিৎসালয় একত্ৰিকৰণ কৰা হোৱা বুলি মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। মন্ত্ৰী গৰাকীয়ে কয় হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসকসকলৰ উপৰিও প্ৰয়োজন সাপেক্ষে জিলা চিকিৎসালয়ত চিকিৎসক নিয়োগ কৰা হ'ব। এতিয়াৰ পৰা ৰাইজে এই জিলা চিকিৎসালয়ত চিকিৎসা সেৱাৰ লাভ কৰিব। তদুপৰি অস্ত্ৰপচাৰ, মৰণোত্তৰ পৰীক্ষা আৰু ছীজাৰিংৰ ব্যৱস্থা নথকা জিলাখনত এই জিলা চিকিৎসালয়ৰ জৰিয়তে ৰোগীয়ে সকলো সুবিধা লাভ কৰিব।

হাটশিঙিমাৰীত জিলা চিকিৎসালয় উদ্ধোধন মন্ত্ৰী কেশৱ মহন্তৰ...
যুৱ-ছাত্ৰ পৰিষদৰ গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in