বিহুৰ আখৰাত ব্যস্ত ৰাজ্যবাসী: হাটশিঙিমাৰীতো উখল-মাখল পৰিৱেশ...

হাটশিঙিমাৰীত বিহুক লৈ উখল-মাখল পৰিৱেশ গ্ৰীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ শেষ আখৰা

author-image
Asomiya Pratidin
New Update
বিহুৰ আখৰাত ব্যস্ত ৰাজ্যবাসী: হাটশিঙিমাৰীতো উখল-মাখল পৰিৱেশ...

ডিজিটেল সংবাদ, হাটশিঙিমাৰী: অসমৰ বাপতি সাহোন বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰি গ্ৰীনিজ বুক ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে জিলাই জিলাই বিহুৱা-বিহুৱতীৰ আখৰা চলিছে। ৰাজ্যৰ আন-আন জিলাৰ লগতে দেওবাৰে দক্ষিণ শালমাৰা মানকাচাৰ জিলাতো শেষ আখৰা অনুষ্ঠিত হয়।

Advertisment

জিলা খনত ২৫ মাৰ্চৰ পৰা শতাধিক বিহুৱা-বিহুৱতীক প্ৰশিক্ষণ দিয়াৰ পাছত ১৪ গৰাকী নাচনী আৰু ৬ গৰাকী বিহুৱা বাছনি কৰা হৈছে। অহা ১৪ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব লগা বিহু নৃত্যৰ বাবে জিলা খনৰ পৰা ২০ জনীয়া নাচনী -বিহুৱা কাইলৈ হাটশিঙিমাৰী জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীলৈ ৰাওনা হব।

মূল অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পূৰ্বে হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত ২০ গৰাকী বিহুৱা-বিহুৱতীয়ে অন্তিম আখৰা অনুষ্ঠিত কৰে। এই অন্তিম আখৰাত জিলা প্ৰশাসনৰ পৰা জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা আৰক্ষী অধীক্ষক হৰেন টকবী সহ কেবা গৰাকী বিষয়া উপস্থিত থাকে।

লখিমপুৰ জিলাৰ পৰা অহা চাৰি গৰাকী প্ৰশিক্ষকে জিলা খনৰ নাচনী-বিহুৱা সকলক প্ৰশিক্ষণ প্ৰদান কৰিছিল। গ্ৰীনিজ বুকত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে হাটশিঙিমাৰী জিলা সম্পূৰ্ণৰূপে সাজু বুলি জিলা উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিছে।

Also Read: Adeno Virus: দেশত বৃদ্ধি পাইছে এডেন' ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

bihu