চৰাইদেউত ছাত্ৰ সংহতি দিৱস পালন...

চৰাইদেউত ছাত্ৰ সংহতি দিৱস পালন...
চৰাইদেউত ছাত্ৰ সংহতি দিৱস পালন...

ডিজিটেল সংবাদ চৰাইদেউ: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি চৰাইদেউ জিলাৰ সোণাৰিতো ছাত্ৰ সংহতি দিৱস পালন কৰা হয়। সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত এই দিৱস পালন কৰাৰ লগতে জিলাখনৰ আটাইকেইখন আঞ্চলিক ছাত্ৰ সন্থাই ছাত্ৰ সংহতি দিৱস পালন কৰে নিজ নিজ অঞ্চলত।

উল্লেখ্য যে, ৰাজ্যজুৰি হোৱা খাদ্য আন্দোলনৰ গণ সত্যাগ্ৰহীৰ ওপৰত ১৯৭৪ চনৰ ১০ জুন তাৰিখে আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল সেই সময়ৰ নগাঁও জিলাৰ (বৰ্তমান মৰিগাঁও) ভূৰবন্ধা অঞ্চলৰ দুই ছাত্ৰ ক্ৰমে গজেন ইংতি আৰু পুতুল শইকীয়া। ইয়াৰ পৰিপ্ৰেক্ষিতত ১০ জুন তাৰিখটোত শ্বহীদ দুগৰাকীৰ স্মৃতিত প্ৰতিবছৰে "ছাত্ৰ সংহতি" দিৱস হিচাপে পালন কৰি আহিছে সদৌ অসম ছাত্ৰ সন্থাই।

আজি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই শ্বহীদ উদ্যানত আয়োজন কৰা ছাত্ৰ সংহতি দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয় শ্বহীদসকললৈ। এই কাৰ্যসূচীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি দেৱ কুমাৰ গুপ্তাই আছুৰ পতাকা উত্তোলন কৰাৰ পাছতে সাধাৰণ সম্পাদক মৃণ্ময় বড়া, অসম উন্নতি সভাৰ উপ সভাপতি মণি গগৈ, কাৰ্যনিবাহক সদস্য ৰমা কোঁৱৰ, জিলা সমিতিৰ সভাপতি বিপিন শৰ্মা, সাধাৰণ সম্পাদক অভিজিৎ ভূঞা , অসম সেনাৰ কাৰ্যনিৰ্বাহক সদস্য অমিত দত্ত, সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱাশীষ বৰুৱাই বন্তি প্ৰজ্বলন কৰে ।

আনহাতে সোণাৰি মহাবিদ্যালয়স্থিত শ্বহীদ বেদীস্থলীতো সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈ, অধ্যাপক জ্যোতিপ্ৰসাদ ফুকন, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ড° ৰঘুনাথ কাগয়ুংৰ লগতে অধ্যাপক তথা ছাত্ৰ-ছাত্ৰী সকলে বন্তি প্ৰজ্বলন কৰি শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আকাশ নাথে আঁত ধৰা এই অনুষ্ঠানত ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

চৰাইদেউত ছাত্ৰ সংহতি দিৱস পালন...
নগাঁৱত বানাক্ৰান্ত এলেকাৰ বহু বিদ্যলয়লৈ যাব পৰা নাই শিক্ষাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in