/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/nata.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অগ্ৰনী ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান মনিকাঞ্চন গীতা চক্ৰ খেৰাজখাতৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰী সকলক মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিৰাজিৰে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে যোৱা ৭ জুলাইৰ পৰা অনুষ্ঠিত কৰা সত্ৰীয়া গীত-নৃত্য কৰ্মশালাৰ দেওবাৰে সামৰণি পৰে ।
স্থানীয় বৰপথাৰ চাৰিআলিৰ সমীপৰ বৰপথাৰ-যমুনাখাট নামঘৰত এই উপলক্ষে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে মনিকাঞ্চন গীতা চক্ৰৰ সভাপতি তনুৰাম ফুকনে । বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক পদ্মেশ্বৰ শইকীয়াই । গীতা চক্ৰৰ কৃষ্টি শাখাৰ সম্পাদক অম্লানজ্যোতি হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটি সমূহীয়া বৰগীত পৰিবেশনেৰে শুভাৰম্ভ কৰে কণ কণ প্ৰশিক্ষাৰ্থীসকলে ।
ভুপেন বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটিত প্ৰশিক্ষাৰ্থীসকলে দলীয়ভাবে খোলবাদন,কৃষ্ণ নৃত্য,মাটি আখৰা,চালি নৃত্য , ঝুমুৰা নৃত্য আদি প্ৰদৰ্শন কৰি নিজৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয় । সামৰণি অনুষ্ঠানটিত প্ৰশিক্ষক সত্ৰীয়া সংস্কৃতিৰ সাধক তথা শ্ৰীশ্ৰী বদলা পদ্ম আতা সত্ৰৰ বৰবায়ন উপেন চন্দ্ৰ বৰুৱা আৰু বৰবালি সাংস্কৃতিক কলা সদনৰ অধ্যক্ষ ধীৰেন চেকনিধৰা, সত্ৰীয়া সংস্কৃতিৰ সাধক দিব্য হাজৰিকা,বৰবালি সাংস্কৃতিক কলা সদনৰ শিক্ষয়িত্ৰী নিভা চেকনীধৰা উপস্থিত থাকে । অঞ্চলটোৰ যথেষ্ট সংখ্যক লোক উপস্থিত থাকে সামৰণি অনুষ্ঠানটিত ।
আৰু পঢ়ক: ৰে'ল ইঞ্জিনৰ প্ৰচণ্ড খুন্দাত মুহুৰ্ততে প্ৰাণ হেৰুৱালে ৩ জনীয়া এটা পৰিয়ালে…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us