মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ বিয়োগ

প্ৰায় ৮ বছৰ ধৰি বৃক্ক আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা সত্ৰাধিকাৰগৰাকী যোৱা প্ৰায় দুমাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল

author-image
Asomiya Pratidin
New Update
সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ বিয়োগত শোক প্ৰকাশ নগাঁও জিলা সত্ৰ মহাসভাৰ

ডিজিটেল সংবাদ, ধুবুৰীঃ পশ্চিম-বংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তই বুধবাৰে সন্ধিয়া প্ৰায় ৫-৩০ বজাত কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ইহলীলা সম্বৰণ কৰে। মৃত্যুৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স হৈছিল ৭২ বছৰ।

Advertisment

২০১২ চনৰ পৰা মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ হিচাপে দায়িত্ব পালন কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি-আদৰ্শ আৰু অনুপম সৃষ্টিৰাজিক পশ্চিম-বংগৰ বিভিন্ন অঞ্চলত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ কাৰণে মৃত্যুৰ আগ মূহুৰ্ত লৈ জঢ়িত হৈ আছিল। আজি প্ৰায় ৮ বছৰ ধৰি বৃক্ক আৰু বহুমূত্ৰ ৰোগত আক্ৰান্ত হৈ থকা সত্ৰাধিকাৰগৰাকী যোৱা প্ৰায় দুমাহ ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

মধুপুৰ সত্ৰ সমিতিৰ সভাপতি তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, সাধাৰণ সম্পাদক কুমাৰ দীপক দাস, অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক তথা মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এটা শোক বাৰ্তাত কয় যে, সত্ৰাধিকাৰগৰাকীৰ মৃত্যুয়ে মধুপুৰ সত্ৰৰ ধৰ্মীয় তথা আধ্যাত্মিক পৰিৱেশত জৰিয়তে গুৰুজনাৰ আদৰ্শ আৰু এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত এক বিস্তৰ ক্ষতি সাধন হ'ল বুলি মত প্ৰকাশ কৰিছে।

আজি দৌল উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ নশ্বৰদেহ উক্ত চিকিৎসালয়খনত ৰখা হৈছে। মধুপুৰ সত্ৰ কমিটি তথা ধুবুৰীৰ অভিভাৱক মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগত হোৱা বাৰ্তালাপৰ সিধান্তমৰ্মে বৃহস্পতিবাৰে তেঁওৰ নশ্বৰদেহ মধুপুৰ সত্ৰত ভক্তসকলৰ দৰ্শনৰ বাবে অনা হ'ব আৰু সত্ৰীয় পৰম্পৰাৰে পিছদিনা (১০ মাৰ্চত) সৎকাৰ্য সম্পন্ন কৰা হ'ব বুলি অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক তথা মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিছে।

Also Read: ফাকুৱাৰ আনন্দ -উলাহৰ মাজতে দুৰ্ঘটনা

madhupur satra satra