কলিয়াবৰৰ ভলাগুৰি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ গোস্বামীৰ দেহাৱসান…

কলিয়াবৰৰ ভলাগুৰি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ গোস্বামীৰ দেহাৱসান…

author-image
asomiyapratidin
New Update
কলিয়াবৰৰ ভলাগুৰি সত্ৰৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ গোস্বামীৰ দেহাৱসান…

ডিজিটেল সংবাদ,কলিয়াবৰঃ ঐতিহ্যমণ্ডিত কলিয়াবৰৰ শ্ৰীশ্ৰী ভলাগুৰি সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ গোস্বামী বৃহস্পতিবাৰে নিশা বাৰ্ধক্যজনিত কাৰণত নিজা বাসভৱনত দেহাৱসান ঘটে ।

Advertisment

সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত সত্ৰ খনিৰ লগতে সমগ্র অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ।

২০০২ চনৰ পৰা সম্পূৰ্ণ ২০ বছৰ কাল ধৰি সত্ৰ খনিত সত্ৰাধিকাৰৰ পদ অলংকৃত কৰি সত্ৰীয়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰত তেওঁ সেৱা আগবঢ়াই আহিছিল। গোস্বামী সত্ৰৰ অষ্টাদশ গৰাকী সত্ৰাধিকাৰ আছিল। মৃত্যুৰ সময়ত তেওঁ একমাত্র পুত্ৰ দ্বীপ গোস্বামীৰ লগতে তিনি গৰাকী কণ্যা সহিতে বহু আত্মীয় কুটুম্বক এৰি থৈ গৈছে।

আৰু পঢ়ক:  ৭ জুনত ঘোষণা হ'ব মেট্রিক আৰু হাইমাদ্রাছাৰ ফলাফল

assam kaliabor