/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/oo.png)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়ৰ চৌহদত থকা জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত অসম লেখিকা সমাজৰ দিনযোৰা কাৰ্যসূচীৰে গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠান অনুষ্ঠিত হয়। দিনৰ ১১বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যক্ৰমণিকা বন্তি প্ৰজ্বলেনেৰে আৰম্ভ হয়। এই বিশেষ অনুষ্ঠানটিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অসম লেখিকা সমাজৰ প্ৰতিনিধিসকলে অংশ গ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/33e1bdd1-80a2-4949-9f0e-552704a4dfe6-1024x473.jpg)
পুৱা ১১বজাত সতীৰ্থ সন্মিলনীৰ লগতে উপাধি প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। ১১বজাৰ সভাখনিৰ সভাপতিত্ব কৰে অসম লেখিকা সমাজৰ সভানেত্ৰী পদুমী গগৈয়ে। এই সভাখনিত বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে আৰু সাৱলীল বক্তব্য দাঙি ধৰে। মাতৃ দিৱসৰ দিনটোত আয়োজিত এই অনুষ্ঠানটিত মাতৃৰ সাহস, সৰলতাৰ বিষয়েও পুংখানুুপুংখভাৱে আলোচনা কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/95a8ac5c-d1a5-45f6-9283-cb740f79bb56-1024x473.jpg)
দিনৰ ১বজাত উক্ত সদনতে বক্তৃত্বানুষ্ঠানৰ লগতে বটাঁ বিতৰণী অনুষ্ঠানৰো আয়োজন কৰা হয়। বিয়লি ৩.৩০বজাৰ পৰা বিচিত্ৰানুষ্ঠান বহুৰঙী আৰম্ভ হয়। এই অনুষ্ঠানত লেখিকা সমাজৰ বহুকেইগৰাকীয়ে নিজৰ সুপ্ত প্ৰতিভা পৰিৱেশন কৰে। উল্লেখ কৰা প্ৰয়োজন যে, দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই বিশেষ অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হোৱাৰ বাবে উপস্থিত সকলো গুণমুগ্ধ আৰু প্ৰতিনিধিক ধন্যবাদ জ্ঞাপন কৰে অসম লেখিকা সমাজে।