/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-06/t9p47z5b/web-1.png)
ডিজিটেল ডেস্ক : সতী ৰাধিকা মহিলা তীর্থ, অসম সত্র মহাসভাৰ ভগ্নী সংগঠনে ত্রি-বার্ষিক অধিবেশন (মাজুলী) শাখাৰ বাবে স্বৰচিত কবিতা প্রতিযোগিতাৰ আয়োজন কৰি ৱাটছএপযোগে আহ্বান কৰা হৈছিল। অধিবেশনখনি অনিবার্য কাৰণবশতঃ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল যদিও অহা ২৭ আৰু ২৮ অক্টোবৰ, ২০২৪ত মাজুলী, বনগাঁৱত অনুষ্ঠিত কৰাৰ সংকল্প লোৱা হৈছে বুলি উদ্যোক্তাই এক বিবৃতিযোগে জনায়।
অৱশ্যে উদ্যোক্তাই দুখ প্ৰকাশ কৰি কয় যে, 'ক' শাখা (নৱমৰ পৰা উচ্চতৰ মাধ্যমিক বর্ষ)ৰ পৰা কোনো প্রতিযোগীয়ে 'কবিতা' প্ৰেৰণ নকৰিলে। সেয়ে বিচাৰকে 'খ' শাখাৰ ফলাফল ঘোষণা কৰি জানিবলৈ দিয়ে যে এই প্ৰতিযোগিতাত প্রথম স্থান লাভ কৰিছে প্রিয়ংকা কলিতা, ডিব্রুগড় বিশ্ববিদ্যালয়। একেদৰে দ্বিতীয় স্থান- অঞ্জলি বড়া সেনাপতি, ডিব্ৰুগড় আৰু তৃতীয় স্থান- শ্রীবাণু ভূঞা, জয়সাগৰ, শিৱসাগৰ। উদ্গনি বঁটা আগবঢ়োৱা হৈছে- নিৰুপ্ৰভা ফুকন গগৈলৈ।
অনলাইন কবিতা প্ৰতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলৰ বঁটা অহা ২৮ অক্টোবৰ, মাজুলী (বনগাঁও) অধিবেশনৰ মুকলি সভাত প্রদান কৰা হ'ব। এই সভাখন দিনৰ ১১-০০ বজাত অনুষ্ঠিত হ'ব।
গতিকে সকলো পুৰষ্কাৰপ্ৰাপ্ত প্ৰতিযোগীক সভাত উপস্থিত থকাৰ বাবে আহ্বান জনাইছে উদ্যোক্তাই। আনহাতে অনুপস্থিত সকলক অনলাইনযোগে আৰ্থিক পুৰষ্কাৰসহ মানপত্র প্রদান কৰা হ'ব বুলি জনায়।
অচিন্ত্য নাৰায়ণ-হিৰণ্য প্রভা সোঁৱৰণী সাহিত্য বঁটা-২৩ ৰ ফলাফল ঘোষণা
অসম সত্র মহাসভাৰ ভগ্নী সংগঠন সতী ৰাধিকা মহিলা তীর্থই প্ৰদান কৰা অচিন্ত্য নাৰায়ণ-হিৰণ্য প্রভা সোঁৱৰণী সাহিত্য বঁটাটি ২৭ আৰু ২৮ অক্টোবৰত মাজুলীত অনুষ্ঠিতব্য সভাত প্ৰদান কৰিব।
২৮ অক্টোবৰৰ দিনা অনুষ্ঠিত হ'ব লগা মুকলি সভাত 'অচিন্ত্য নাৰায়ণ-হিৰণ্য প্রভা সোঁৱৰণী বঁটা-২৩' বঁটাটি প্রদান কৰা হ'ব। এই বঁটাটি প্ৰদান কৰিব 'নয়ন তৰাৰ পৃথিৱী' নামৰ উপন্যাসৰ বাবে আশ্রৱিকা বৰাক।
Also Read: খানাপাৰাত নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰীৰ