/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/dangor-khobr-5.jpg)
ডিজিটেল ডেস্ক: শনিবাৰৰ দিনা সাতগাঁও থানাৰ অন্তৰ্গত তালতলত সংঘটিত হৈছিল এক কাণ্ড। দুলু দাস নামৰ এজন যুৱকে দাৰে ঘপিয়াইছিল ৪ জনকৈ লোকক। পিতৃ, শাহুৱেক, পত্নী আৰু খুলশালীক ঘপিয়াই গুৰুতৰভাৱে আহত কৰাৰ পাছত চাৰিওকে ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত।
চিকিৎসাধীন অৱস্থাত দুলু দাসৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হোৱা তেওঁৰ শাহুৱেকৰ মৃত্যু ঘটিছে জি এম চি এইচত। লগতে মৃত্যু হয় দুলু দাসৰ পিতৃ দীনেশ দাসৰ ।
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুলু দাসক। শনিবাৰৰ অৱেলি প্ৰায় ৪ বজাত সংঘটিত হৈছিল এই আক্ৰমণৰ ঘটনা। পাৰিবাৰিক কাৰণতেই পৰিয়াল তথা আত্মীয় চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ কথা সদৰি কৰিছে দুলু দাসে।
আৰু পঢ়ক: বৰলালুং গাঁৱত সংঘটিত নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত পাঁচজনক আটক: মাটি খান্দি উলিয়ালে আধা পোৰা মৃতদেহ…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us