মাটি বেচা টকাৰে প্ৰেমিকক কিনি দিছিল বাইক! স্বামী হত্যাৰ অভিযোগত আটক পত্নী

বিশ্বনাথৰ বুঢ়ীগাং নদীত শশাংক কটকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বুধবাৰে নিশা শশাংকৰ পত্নীক আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
মাটি বেচা টকাৰে প্ৰেমিকক কিনি দিছিল বাইক! স্বামী হত্যাৰ অভিযোগত আটক পত্নী

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ বুঢ়ীগাং নদীত শশাংক কটকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত বুধবাৰে নিশা শশাংকৰ পত্নীক আটক কৰিছে বিশ্বনাথ আৰক্ষীয়ে। শশাংকৰ পত্নী লক্ষ্যহীৰা ভূঞা কটকীয়ে শশাংকক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ। সেই এজাহাৰৰ ভিত্তিতেই আটক পত্নীক।

Advertisment

শশাংকৰ পৰিয়ালৰ মতে শশাংক কটকী আৰু পত্নী লক্ষ্যহীৰা ভূঞা কটকীৰ মাজত আছিল পাৰিবাৰিক কণ্ডল। লক্ষ্যহীৰা ভূঞা কটকীৰ আছিল আন যুৱকৰ সৈতে অবৈধ সম্পৰ্ক। শেহতীয়াকৈ মৃত শশাংক কটকীয়ে মাটি বিক্ৰী কৰি লাভ কৰিছিল প্ৰায় ২২ লাখ টকা।

সেই ধনৰ লোভতে পত্নী লক্ষ্যহীৰা ভূঞা কটকীয়ে নিজৰ অবৈধ প্ৰেমিক দীপাংকৰ বৰাৰ লগত মিলি স্বামী শশাংক কটকীক হত্যা কৰাৰো সন্দেহ কৰিছে পৰিয়ালৰলোকে। দিপাংকৰৰ লগত বাইকেৰে ঘটনাস্থলীলৈ গৈছিল লক্ষ্যহীৰা। শশাংকই মাটি বেচা টকাৰে দিপাংকৰক বুলেট কিনি দিয়াৰ অভিযোগ পৰিয়ালৰলোকৰ।

বিশ্বনাথ আৰক্ষীয়ে মৃত যুৱকজনৰ বন্ধু চাৰিজনক গ্ৰেপ্তাৰ কৰাৰ লগতে কালি নিশা মৃত শশাংক কটকীৰ পত্নী লক্ষ্য হীৰা ভূঞা কটকীকো বিশ্বনাথ আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।

পৰিয়ালৰ অভিযোগ অনুসৰি এসপ্তাহমান পূৰ্বেও দিপাংকৰ বৰা আন দুজন যুৱকৰ সৈতে শশাংকক ঘৰৰ সন্মুখত আহি তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰিছিল।

বৰ্তমান পলাতক অৱস্থাত আছে দিপাংকৰ। উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনা বনভোজ খাবলৈ গৈ নিখোজ হৈছিল শশাংক। পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল শশাংকৰ মৃতদেহ।

Also Read: ভেজাল ঔষধ,চিকিৎসকক সন্তুষ্টিৰে দেশত চলিছে বছৰি ৪ লাখ কোটিৰো অধিক টকাৰ চিকিৎসাৰ ব্যৱসায়

Assam police