/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/597aa4cb-a8ee-4a64-93f7-2ce3dc84974e.jpg)
ডিজিটেল সংবাদ, শালবাৰীঃ মঙলবাৰে অনুষ্ঠিত হোৱা ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টিৰ ভিতৰত কোকৰাঝাৰ লোকসভা সমষ্টিৰ তথা সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাক্সা জিলাৰ ৩২৪ নং গোৱৰ্দ্ধনা এলপি স্কুল ভোটকেন্দ্ৰত নিৰ্দিষ্ট সময়তকৈ ৫ ঘণ্টা পলমকৈ অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া৷ অন্য জিলাৰ ভোটাৰক অন্য জিলাৰ ভোটাৰ সজোৱাক কেন্দ্ৰ কৰি ৰাতিপুৱাৰ ভাগত কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ যাৰ বাবে আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক ভোটকেন্দ্ৰটোত মোতায়েন কৰা হয়৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/448c926f-452c-47eb-a78e-743aef45bc04.jpg)
উল্লেখ্য যে, বাক্সা জিলাৰ গোৱৰ্দ্ধনাস্থিত এই ভোটকেন্দ্ৰটোত মুঠ ভোটাৰ আছে ৫৫৫ গৰাকী৷ তাৎপৰ্যপূৰ্ণভাবে বৰপেটা জিলাৰ বহুসংখ্যক ভোটাৰৰ বিএলঅ' কাগজত নিজৰ জিলাখনৰ নাম বৰপেটাৰ পৰিৱৰ্তে বাক্সা জিলা বুলি অহাত তেওঁলোকে মঙলবাৰে ভোট বৰ্জনৰ সিদ্ধান্ত লৈ কেন্দ্ৰটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/9a91a3e8-7fd9-4876-a4b8-b1494b0c001a.jpg)
পৰৱৰ্তী সময়ত প্ৰায় ৫ ঘণ্টা পলমকৈ ভোটকেন্দ্ৰটোত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, বৰনগৰ মহকুমাৰ মহকুমাধিপতি মানস শইকীয়া আৰু বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱানন্দ দাস ভোটকেন্দ্ৰটোত উপস্থিত হৈ ৰাইজক বুজনি দি ভোটাৰ সকলৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰা হ'ব বুলি মৌখিক প্ৰতিশ্ৰুতি দিয়াৰ অন্তত প্ৰায় ১২ বজাত কেন্দ্ৰটোত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়।