ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ ইৰাণৰ চাবাহাৰ বন্দৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ ইৰাণৰ চাবাহাৰ বন্দৰ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

author-image
asomiyapratidin
New Update
ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ ইৰাণৰ চাবাহাৰ বন্দৰ পৰিদৰ্শন  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

ডিজিটেল ডেস্ক: চৰকাৰী ভ্ৰমণ সূচীৰে ইৰাণত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে ইৰাণ চাবাহাৰৰ শ্বাহিদ বেহেস্তী বন্দৰ পৰিদৰ্শন কৰি উন্নয়নৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। চাবাহাৰ বন্দৰৰ সুযোগ-সম্ভাৱনাক ত্বৰান্বিত কৰাৰ বাবে সৰ্বানন্দ সোণোৱালে ছয়টা ভ্ৰাম্যমাণ ক্ৰেন "ইণ্ডিয়ানপ'ৰ্টছ্গ্ল' বেলচাবাহাৰ ফ্ৰীট্ৰেডজ'ন" (IPGCFTZ)লৈ হস্তান্তৰ কৰে।

Advertisment

কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক সংগ দিয়ে ইৰাণস্থিত ভাৰতীয় ৰাষ্ট্ৰদূত জি ধৰ্মেন্দ্ৰই। ইৰাণৰ বন্দৰ আৰু সামুদ্ৰিক সংগঠনৰ উপ-মন্ত্ৰী তথা পৰিচালন সঞ্চালক ড° আলী আকবৰ ছাফায়ে আজিৰ অনুষ্ঠানত ইৰাণৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়ে।

তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন ভাৰতীয় প্ৰতিনিধি দলটোৱে ইৰাণ আৰু ভাৰতৰ মাজত পাৰস্পৰিক সামুদ্ৰিক আৰু বন্দৰ সহযোগিতা ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ইৰাণৰ প্ৰতিনিধিদলৰ সৈতে এক ফলপ্ৰসূ বৈঠকত মিলিত হয়।

দক্ষিণ এছিয়া, আছিয়ান আৰু আনকি জাপান, কোৰিয়াৰ দৰে পূব এছিয়াৰ দেশ সমূহৰ লগত মধ্য এছিয়াৰ দেশ সমূহৰ বাণিজ্যিক সম্ভাৱনাক গতিশীলতা প্ৰদান সন্দৰ্ভত দুয়োটা প্ৰতিনিধি দলৰ মাজত বিতং আলোচনা অনুষ্ঠিত হয়।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দূৰত্ব, সময় আৰু ব্যয় হ্ৰাস কৰাৰ ক্ষেত্ৰত চাবাহাৰ বন্দৰে কি দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে, তাৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।

বন্দৰটোৰ মসৃণ কাৰ্যকৰী কৰণৰ বাবে এখন যুটীয়া কাৰিকৰী সমিতি গঠন কৰাৰো সিদ্ধান্ত লোৱা হয়।তদুপৰি বৈঠকত বন্দৰটোৰ উন্নয়নৰ দিশত ভৱিষ্যতৰ কাৰ্যপন্থাৰ বিষয়েও আলোচনা, পৰ্যালোচনা কৰা হয়। ভ্ৰমণ কালত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, " ইন্দো-ইৰাণৰ ঐতিহাসিক সম্পৰ্ক হৈছে বৰ্তমানৰ দ্বি-পাক্ষিক সম্পৰ্কৰ আধাৰ।

আগন্তুক দিনবোৰত ভাৰত আৰু ইৰাণ চৰকাৰৰ নিৰন্তৰ আৰু সৰ্বাংগীণ প্ৰচেষ্টাই এই দ্বিপাক্ষিক সম্পৰ্কৰ অধিক উন্নীতকৰণ, সম্প্ৰসাৰণ আৰু গভীৰতাৰ বাবে এক আদৰ্শ মঞ্চ তৈয়াৰ কৰিব।

২০১৬ চনত ইৰাণ ভ্ৰমণৰ সময়ত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আগবঢ়োৱা দৃষ্টিভংগী অনুসৰি চাবাহাৰ বন্দৰৰ সৰ্বাংগীণ বিকাশৰ বাবে সম্পূৰ্ণ ৰূপে প্ৰতিশ্ৰুতিবদ্ধ ভাৰত চৰকাৰ। ছয়টা ভ্ৰাম্যমাণ বন্দৰ ক্ৰেনৰ মুকলিকৰণে শ্বাহিদ বেহেস্তী বন্দৰৰ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু চাবাহাৰ বন্দৰৰ বিকাশত অধিক ইন্ধন যোগাব।

মধ্য এছিয়া, দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ মাজত বেপাৰ-বাণিজ্যৰ সম্ভাৱনা উন্মুক্ত কৰাৰ দিশত চাবাহাৰ বন্দৰৰ কৌশলগত ভূমিকা হ'ব সুদূৰ প্ৰসাৰী। সেয়েহে, আন্তৰ্জাতিক উত্তৰ-দক্ষিণ পৰিবহণ ক'ৰিডৰক ভাৰত-ইৰাণৰ পাৰস্পৰিক বাণিজ্যৰ পছন্দৰ পথ হিচাপে গঢ়ি তোলাৰ দিশত আমি নিৰন্তৰভাৱে কাম কৰি আছোঁ।"

ইণ্ডিয়া প'ৰ্টছ্গ্ল'বেলপ্ৰাইভেট লিমিটেডে শ্বাহিদ বেহেষ্টী বন্দৰৰ কাৰ্য-কলাপ তদাৰক কৰাৰ পৰাই ই ৪.৮ নিযুত টনতকৈও অধিক কাৰ্গ' পৰিচালনা কৰিছে।

এই সামগ্ৰী সমূহ অষ্ট্ৰেলিয়া, বাংলাদেশ, ব্ৰাজিল, জাৰ্মানী, ওমান, ৰোমানিয়া, ৰাছিয়া, থাইলেণ্ড, ইউ.এ.ই., ইউক্ৰেইন আৰু উজবেকিস্তানকে ধৰি বিভিন্ন দেশৰ পৰা অনা-নিয়া কৰা হৈছে।

আজিৰ বৈঠকত চাবাহাৰ চহৰৰ ৰাজ্যপাল তথা প্ৰাদেশিক উপ-ৰাজ্যপাল ছেপাহী, চাবাহাৰ মুক্ত বাণিজ্য ক্ষেত্ৰ সংগঠনৰ অন্তৱৰ্তী কালীন মুখ্য কাৰ্যবাহী বিষয়া ইব্ৰাহিমীৰ লগতে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জল পথ মন্ত্ৰালয়, ভাৰতীয় দূতাবাস আৰু ইৰাণৰ উচ্চপদস্থ বিষয়া সকল উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ইৰাণ আৰু ইউ.এ.ই.লৈ তিনিদিনীয়া চৰকাৰী ভ্ৰমণ কাৰ্যসূচীলৈ উপস্থিত হৈছে। ইৰাণৰ চাবাহাৰ বন্দৰৰ উপৰিও তেওঁ ইউ.এ.ই. ৰজেবেল আলী বন্দৰ ভ্ৰমণ কৰিব।

এই ভ্ৰমণৰ উদ্দেশ্য হৈছে ভাৰতৰ সৈতে ইৰাণ, ইউ.এ.ই.ৰ মাজৰ সামুদ্ৰিক আৰু অন্যান্য পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰা।এই ভ্ৰমণে ইউৰোপ, ৰাছিয়াআৰুচি.আই.এছ. দেশ সমূহৰ সৈতে ভাৰতীয় বাণিজ্যক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰৱেশদ্বাৰ হিচাপে চাবাহাৰ বন্দৰৰ গুৰুত্বক আলোকিত কৰি তুলিব।

আৰু পঢ়ক: বটদ্ৰৱা থানত পৰম্পৰাগত ভাৱে নন্দোৎসৱ উদযাপন…

assam sarbananda sonowal india iran