/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/2bc64005-236e-47b2-bdce-09117654dba0/sarba_da.jpg)
জামুগুৰিহাটত নিশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটত নিশা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনা উপলক্ষে অসম চৰকাৰে আগবঢ়োৱা ২৬ কোটি টকাৰ ব্যয়সাপেক্ষে ১২০ বিঘা মাটিত নিৰ্মিয়মান বাৰেচহৰীয়া ভাঁওনাৰ স্থায়ী সাংস্কৃতিক প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উদ্দেশ্যে শুক্ৰবাৰে নিশা প্ৰকল্পস্থলীত উপস্থিত হয়হি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷
স্থানীয় বিধায়ক পদ্ম হাজৰিকাক লগত লৈ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ পূৰ্বে এই সাংস্কৃতিক প্ৰকল্পস্থলী সম্পূৰ্ণ হৈ উঠিলে অসমীয়া জাতীয় জীৱণৰ ই এক কৃষ্টি সংস্কৃতিৰ ধবজাবাহক হৈ উঠিব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে অহা ৬,৭,৮ আৰু ৯ মাৰ্চত অনুষ্ঠিত হ’ব লগা বাৰেচহৰীয়া ভাঁওনাৰ পূৰ্বেই এই স্থায়ী প্ৰকল্পস্থলীৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি জানিবলৈ দিয়ে ৷
আৰু পঢ়কঃ অসম-অৰুণাচল সীমান্তৰ চিজুছাত সপ্তম বাৰ্ষিকী পাকে পাগা হৰ্ণবিল উৎসৱ সম্পন্ন