/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/SARBA-4.jpg)
ডিজিটেল ডেস্কঃ ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সংসদীয় ব'ৰ্ডত অন্তৰ্ভুক্তিৰ পিছত প্ৰথমবাৰলৈ অসমলৈ অহা সৰ্বানন্দ সোণোৱালক আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উস্ম আদৰণি জনোৱা হয়। দলটোৰ বহু কেইগৰাকী নেতা কৰ্মীয়ে বিমান বন্দৰত তেওঁ গামোচাৰে আদৰণি জনাই। অৱশ্যে এই আদৰণি অনুষ্ঠানত উপস্থিত নাথাকিল ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি বহু কেইজন মন্ত্ৰী তথা বিজেপি দলৰ নেতা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/3e4541a4-feca-43b7-98e4-2626179472ee.jpg)
অসমত উপস্থিতি হোৱা সোণোৱালক বিমান বন্দৰত মন্ত্ৰী বিমল বৰা, সাংগঠনিক সম্পাদক ফণী শৰ্মা, বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰ, মমিনুল আৱাল, জয়ন্ত দাস আদিয়ে আদৰণি জনাই। লগতে উপস্থিত থাকে বহু দলীয় কৰ্মী।
বিমান বন্দৰৰ পৰা সৰ্বানন্দ সোণোৱাল পোনে পোনে যায় বশিষ্ঠত বিজেপিৰ নৱনিৰ্মিত কাৰ্যালয়লৈ। তাৰ পিছত অলপতে উদ্বোধন কৰা বিজেপিৰ উত্তৰ–পূবৰ কাৰ্যালয়লৈ আৰু তাৰ পিছতে আহি হেঙেৰাবাৰীৰ ৰাজ্যিক কাৰ্যালয়ত উপস্থিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/aa915c5e-fcdb-40f4-a579-f0db5cafe4ea.jpg)
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপি নেতা ফণীন্দ্ৰ শৰ্মা, সাংসদ দিলীপ শইকীয়া, মন্ত্ৰী বিমল বৰা আৰু বিধায়ক নৱ দলেয়ে। ইফালে দলটোৰ নতুন দায়িত্বপ্ৰাপ্তিক লৈ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
তেওঁ লাভ কৰা নতুন দায়িত্ব নিষ্ঠাৰে পালনৰ বাবে সাজু বুলিও প্ৰকাশ কৰে। সোণোৱালে বিজেপিৰ প্ৰতিজন সদস্যক লগত লৈ আন্তৰিকতাৰে কাম কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোডীৰ আন্তৰিকতাত উত্তৰ-পূৰ্বাঞ্চল উন্নয়নৰ দিশত দোপতদোপে আগবাঢ়িছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/ba921f7e-72db-4be1-a7ed-54a6b7667c50.jpg)