ডিজিটেল সংবাদ ডিব্ৰুগড়ঃ অকণিহঁতৰ সৈতে ইংৰাজী নৱবৰ্ষ ২০২৫ৰ শুভাৰম্ভণি উদযাপন কৰে কেন্দ্ৰীয় মন্ত্রী তথা ডিব্রুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে। আজি ডিব্ৰুগড়স্থিত 'প্ৰেৰণা শিশু গৃহ'ৰ শিশুসকলৰ সৈতে কিছু সুমধুৰ সময় পাৰ কৰে সোণোৱালে।
সোণোৱালে কয়, "শিশুসকলৰ নিষ্পাপ আৰু সৰল মনৰ উমাল পৰশত লাভ কৰা অনাবিল আনন্দ আৰু সুখানুভূতিৰ তুলনা একোৰে লগত নহয়। শৰীৰ আৰু মনৰ অফুৰন্ত শক্তিৰে তেওঁলোকে জীৱনৰ বাটত আত্মবিশ্বাসেৰে আগুৱাই সফলতা লাভ কৰক, তাকেই অন্তঃকৰণেৰে কামনা কৰিলোঁ আৰু সদৌটিলৈ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনালোঁ।"
এই সময়ছোৱাত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে ডিব্ৰুগড় পৌৰ নিগমৰ উপ-মেয়ৰ উজ্জ্বল ফুকন, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, দীপুৰজন মাক্ৰাৰী আৰু সতীৰ্থসকল উপস্থিত থাকে।
কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, "নববর্ষ মানেই নতুন আশা, নতুন প্রত্যাশা, নতুন সম্ভাৱনা আৰু নতুন উপলব্ধি। ২০২৪ ক বিদায় দি ইংৰাজী নববৰ্ষ ২০২৫ ত উপনীত হোৱাৰ এই উজ্জীৱিত সময়ত প্ৰতিজন নাগৰিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
বিগত ২০২৪ বর্ষটো আছিল সমগ্র দেশৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ অনিৰুদ্ধ যাত্রাক এক নতুন গতি দিয়া এক সফল বছৰ। পাৰ হৈ যোৱা দিনবোৰৰ বৰ্ণাঢ্য অভিজ্ঞতা, সফলতাই ২০২৫ বর্ষত ন উদ্যমেৰে আগুৱাই যাবলৈ আমাক উদ্বুদ্ধ কৰিছে।
২০২৪ মোৰ বাবে আছিল এক গুৰুত্বপূৰ্ণ বছৰ, কিয়নো এই সময়ছোৱাত নতুন উৎসাহ-উদ্দীপনাৰে দেশমাতৃৰ সেৱা আগবঢ়াই নিয়াৰ বাবে জনসাধাৰণৰ অফুৰন্ত মৰম-আশিস লাভ কৰিলোঁ, ন ন অভিজ্ঞতা সঞ্চয় কৰাৰো সৌভাগ্য হ'ল, যাৰ বাবে সৰ্বস্তৰৰ ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ। ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱে গাই যোৱাৰ দৰে আমিও ন উদ্দীপনাৰে ক'ব খোজোঁ- "সময়ৰ অগ্ৰগতিৰ পক্ষীৰাজত উঠি যাওঁ মই নতুন দিগন্তলৈ হাঁহি মুখে হাঁহি মুখে"।
বিগত বছৰটিত দেশৰ বিভিন্ন খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ লগতে বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্রিক খণ্ডক উন্নয়নৰ এক নতুন শিখৰত উপনীত কৰোৱাৰ বাবে আমি অহোপুৰুষাৰ্থ কৰিছোঁ। মাননীয় প্রধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত শীঘ্রেই ভাৰতক বিশ্বৰ ১০ খন আগশাৰীৰ সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত অন্তর্ভুক্ত কৰাৰ আমি দৃঢ় পণ লৈছোঁ।
২০২৪ বৰ্ষটো ভাৰতৰ সামুদ্রিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি। দেশৰ ১৩সংখ্যক আৰু সৰ্ববৃহৎ মুখ্য বন্দৰৰ আধাৰশিলা স্থাপনৰপৰা বিশ্বমুখী নতুন বাণিজ্যিক পথ মুকলি কৰালৈ, আমি বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ ত্বৰান্বিত কৰিলোঁ।
এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ বাবে নিষ্ঠাৰে আৰু ঐক্যবদ্ধভাৱে কাম কৰি যাবলৈ এই নতুন বছৰটোত আমি সকলোৱে সংকল্পবদ্ধ হও আহক। এই বছৰটিয়ে আপোনালোকৰ জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ-শান্তি, সমৃদ্ধি আৰু আশাৰ বতৰা।"