/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/af743546-e6d6-42a4-99e5-1afb08e9dbb2/260.jpg)
ডিজিটেল সংবাদ,মথুৰাপুৰঃ আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে সৰস্বতী পূজা । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উপলক্ষে শিক্ষানুষ্ঠানসমূহত ব্যাপক উৎসাহ-উদ্দীপনাৰে বাগদেৱী বীণাপানীৰ আৰাধনা কৰা দেখা যায় গৈছে ৷
পুৱাৰে পৰা পূজাৰীৰ মন্ত্ৰোচ্ছাৰণ আৰু দেৱী বন্দনাৰে শিক্ষানুষ্ঠান সমূহৰ চৌপাশত এক আধ্যাত্মিক পৰিৱেশৰ গঢ়ি উঠে ৷ পূজাৰ উপলক্ষে দেৱী প্ৰতিমাৰ সন্মুখত সমূহীয়াকৈ ধূপ-দীপ জ্বলাই, বুট, মগুৰ, কল, কুহিয়াৰ, নাৰিকল ইত্যাদি নৈবদ্য আগবঢ়াই সৰস্বতীয়ে সকলোৰে কণ্ঠত,স্মৃতিত ঠাই ল'বলৈ সেৱা-প্ৰাৰ্থনা আগবঢ়ায় ৷
ঘাইকৈ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শৈক্ষিক জীৱনৰ মংগল কামনাৰে আই সৰস্বতীক পূজা-অৰ্চনা কৰা তথা সেৱা জনাবৰ বাবে বিদ্যালয়সমূহৰ পূজাস্থলীত প্ৰচণ্ড ভিৰ কৰা দেখা গৈছে ৷ পূজা উপলক্ষে আজি মথুৰাপুৰ শিশু নিকেতন জাৰ্মানী পৰা অহা ৯ গৰাকীকৈ বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে ৷
ইফালে শিক্ষানুষ্ঠানখনৰ বিদেশী পৰ্যটকৰ দলটি উপস্থিতি হোৱা লগে লগে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক- শিক্ষয়িত্ৰীবৃন্দ উৎফুল্লিত হৈ পৰে ৷ অঞ্চলটোৰ পুৰণি শিক্ষানুষ্ঠান মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় লগতে ব্ল'চম পাব্লিক স্কুল, মথুৰাপুৰ ছোৱালী হাইস্কুল, মথুৰাপুৰ বাগিচা বিদ্যালয়কে প্ৰমুখ্যে কৰি বহু শিক্ষানুষ্ঠানত বাগদেৱীৰ বন্দনাৰে বিভিন্ন আধ্যাত্মিক পৰম্পৰাৰে সৰস্বতীৰ পূজা পালন কৰা দেখা যায়।
Also Read: পাৱে পৰি হৰি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us