ৰঙিয়াত স্বচ্ছতাক লৈ সৰস্বতী পূজাত ছেলফী পইণ্ট

ৰঙিয়াত স্বচ্ছতাক লৈ সৰস্বতী পূজাত ছেলফী পইণ্ট

ডিজিটেল সংবাদ, ৰঙিয়াঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো বুধবাৰে বাগদেৱীৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা অনুষ্ঠিত হয় । ৰঙিয়া চহৰৰ কেইবাখনো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানত সৰস্বতী পূজা অনুষ্ঠিত কৰে । পূজাত শিক্ষাৰ্থীসকলে নিজৰ নিজৰ জ্ঞানৰ জ্যোতি বিচাৰি দেৱী সৰস্বতীক পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় ।

তাৰ মাজতে ৰঙিয়াৰ মাজমজিয়াত এখন চৰকাৰী শিক্ষানুষ্ঠান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিক্ষানুষ্ঠান খনত বিশেষকৈ শিক্ষাৰ্থীসকলৰ লগতে অভিভাৱকৰ মাজত এক ছেলফী পইণ্টৰ ব্যৱস্থা ৰখা হয় । ৰঙিয়া পৌৰসভাৰ উদ্যোগত গ্ৰহণ কৰা এই ছেলফী পইণ্টত শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ উপৰিও অভিভাৱক আৰু শিক্ষকসকলে বিশেষ ছেলফী পইণ্টত থিয় হৈ ম'বাইলত ফটো আবদ্ধ কৰি ৰাখে ।

উল্লেখ্য যে, পৌৰসভাৰ উদ্যোগত গ্ৰহণ কৰা পদক্ষেপত পূজাত বিশেষকৈ সকলো শিক্ষক, অভিভাৱকৰ তথা শিক্ষাৰ্থীসকলৰ মাজত প্লাষ্টিকমুক্ত অসম, স্বচ্ছতা আদি দিশবোৰ ঘাইকৈ ছেলফী পইণ্টত অন্তৰ্নিহিত কৰা হয় । এই পদক্ষেপ মুকলিত পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ পৌৰপতি বিদ্যুৎ ডেকাকে ধৰি ৱাৰ্ড সদস্য গুঞ্জন দাস উপস্থিত থাকে ।

ৰঙিয়াত স্বচ্ছতাক লৈ সৰস্বতী পূজাত ছেলফী পইণ্ট
নাৰায়ণপুৰত আলি আঃয়ে লৃগাং উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in