/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/hirok-hayanti.jpg)
ডিজিটেল সংবাদ,চৰাইদেউঃচৰাইদেউ জিলাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান মধুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহৰ ২২ তাৰিখে ৭৫ বছৰ পূর্ণ কৰিব। মথুৰাপুৰৰ বৃহত্তৰ অঞ্চল সামৰি ৰাইজৰ সহযোগত গঢ় লোৱা একমাত্র উচ্চ শিক্ষাৰ জ্ঞান মন্দিৰ, এই বিদ্যালয়ত একালত অধ্যয়ন কৰা বহুজনে জ্ঞানৰ আলোকেৰে অসম তথা ভাৰতৰ বহু অঞ্চল প্ৰতিস্থিত হবলৈ সক্ষম হৈছে। তদুপলক্ষে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র-ছাত্রী তথা বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, মথুৰাপুৰৰ সমূহ ৰাইজ আৰু অঞ্চলটোৰ বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা ৭৫ বছৰীয়া হীৰক জয়ন্তী অনুষ্ঠান উদ্যাপন কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।
এই উপলক্ষত অহা ২৪ জুলাইত দিনৰ এক বজাত বিদ্যালয়ৰ প্ৰাঙ্গনত এখন ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছে। উক্ত সভাত শিক্ষানুষ্ঠানখনিৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, অভিভাৱকবৃন্দ, শিক্ষক কৰ্মচাৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ উপস্থিতি সভাখনি আহ্বান কৰা বিদ্যালয় উন্নয়ন আৰু পৰিচালনা সমিতিৰ সভাপতি অনিলা বছা আৰু অধ্যক্ষা ড০ গীতিমণি হাতীকাকতিয়ে একান্তভাৱে কামনা কৰিছে।
আৰু পঢ়ক:এয়াৰ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ আহিছে জুবিনঃ বিমান বন্দৰত সাজু আয়ুৰসুন্দ্ৰাৰ চিকিৎসকৰ দল…