গছপুলি ৰোপণেৰে নৱম সংখ্যক জন্মদিন উদযাপন কৰিলে প্ৰদ্যুতে

গছপুলি ৰোপণেৰে নৱম সংখ্যক জন্মদিন উদযাপন কৰিলে প্ৰদ্যুতে

author-image
asomiyapratidin
New Update
গছপুলি ৰোপণেৰে নৱম সংখ্যক জন্মদিন উদযাপন কৰিলে প্ৰদ্যুতে

ডিজিটেল সংবাদ,চৰাইদেউঃচৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এগৰাকী শিশুৱে ব্যতিক্ৰমীভাৱে নিজৰ জন্মদিন উদযাপন কৰে ৷অসমীয়া প্ৰতিদিনৰ মথুৰাপুৰ সংবাদদাতা প্ৰণৱ বৰগোহাঁইৰ পুত্ৰ প্ৰদ্যুৎ বৰগোহাঁইৰ নৱম সংখ্যক ওপজা দিন মথুৰাপুৰ মাজগাঁওস্থিত বয়োজ্যেষ্ঠ আশ্ৰমত উদযাপন কৰে। এই উপলক্ষে আশ্ৰমৰ ককা আইতা সকলৰ মাজত ফলমূল বিতৰণ আৰু চৌহদটোত গছপুলি ৰোপণ কৰা হয় ৷

Advertisment

ইয়াৰ উপৰিও বৃহস্পতিবাৰে পুৱাৰ ভাগত শিশুটিয়ে নিজা বাসগৃহৰ সন্মুখৰ পথৰ দাঁতিত কিছুসংখ্যক গছপুলি ৰোপণ কৰে ৷ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰাক্তন আছুনেতা ৰঘু ৰাজকোঁৱৰে ৷ অনুষ্ঠানটোত সাংবাদিক আলিম আহমেদ,সমাজকৰ্মী অতুল ৰাজকোঁৱৰ, ৰাধু চৌধুৰী, পঞ্চায়ত সভাপতি পূৰ্ণজিত ফুকন, শিক্ষক মৃদুল কোঁৱৰ, নাচিৰ আহমেদ, আটছা নেতা বাসুদেৱ কুমাৰ ,যুৱনেতা জ্যোতিষ কোঁৱৰকে ধৰি ভালেসংখ্যক শুভাকাংক্ষী উপস্থিত থাকি শিশুটিক শুভেচ্ছা জ্ঞাপন কৰে ৷ ইফালে প্ৰদ্যুতে উপস্থিত প্ৰতিগৰাকী শুভাকাংক্ষীক একোটাকৈ গছপুলি বিতৰণ কৰে ৷

আৰু পঢ়ক:পথ সুৰক্ষা সজাগতাৰ বাণী বিলাই ৮ যুৱকৰ ৰেলী,লক্ষ্য ৪০০ কিলোমিটাৰ অতিক্ৰম….

assam Saraideu