শনিবাৰে চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস

শনিবাৰে চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস

author-image
Asomiya Pratidin
New Update
শনিবাৰে চৰাইদেউ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস

ডিজিটেল সংবাদ, মথুৰাপুৰঃ ঐতিহ্যমণ্ডিত চৰাইদেউ অঞ্চলৰ সংবাদ কৰ্মী সকলৰ ঊমহতীয়া মঞ্চ “চৰাইদেউ প্ৰেছ ক্লাব”ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰে মথুৰাপুৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হব ৷

মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া দিৱসৰ সৈতে সংগতি ৰাখি পুৱা ক্লাবৰ পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু গছপুলি বিতৰণ কৰা হব ৷ দুপৰীয়া সাংবাদিসকলৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ অন্তৰংগ আলাপ, মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

উক্ত দিন সকলো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ক্লাবৰ সভাপতি আৰু সম্পাদক ক্ৰমে ধ্ৰৱজ্যোতি বৰুৱা,প্ৰণৱ বৰগোহাঁইয়ে ৷

চৰাইদেউ প্ৰেছ ক্লাব