/asomiyapratidin/media/media_files/2025/03/17/T6ox6gNHPYsI5E5cpTI7.jpg)
স্বৰ্গদেউৰ সোঁৱৰণত ৪২ শৰাই উচৰ্গা অনুষ্ঠান
ডিজিটেল সংবাদ,চৰাইদেউঃ ছশ বছৰীয়া আহোম সাম্ৰাজ্যৰ পাতনি মেলা স্বৰ্গদেউ চাওলুং চুকাফাকে ধৰি ৩৯ গৰাকী স্বৰ্গদেউ পুণ্যাত্মা আৰু তেওঁলোকৰ আৰাধ্য দেৱতাৰ প্রতি শ্রদ্ধা জনোৱাৰ উদ্দেশ্যেৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ মৈদাম প্রাংগণত আয়োজন কৰা হৈছে সমূহীয়া স্মৃতি তর্পণ (৪২ খন শৰাই উচৰ্গা) অনুষ্ঠান৷ উল্লেখযোগ্য যে, প্রতি বছৰে ফাগুন কৃষ্ণা চতুর্থী তিথিত স্বদেশ আৰু স্বজাতিৰ উন্নতি কামনা কৰি ৪২ খন শৰাই আগবঢ়াই আশিস বিচাৰি পৰম্পৰাগতভাবে পালন কৰি অহা এই স্মৃতি তর্পণ অনুষ্ঠানটি এই বছৰ ৭৪ সংখ্যক বৰ্ষত ভৰি দিছে।
স্মৃতি তৰ্পণৰ কাৰ্যসূচী অনুসৰি সোমবাৰে প্ৰথম দিনা পুৱা মৈদাম প্ৰাংগণত আয়োজক সমিতিৰ সভাপতি সত্যেন কোঁৱৰে ধৰ্মধ্বজা স্থাপনেৰে কাৰ্যসূচী শুভ আৰম্ভ কৰে ৷ ইয়াৰ পিছতেই লাংকুৰি দৌলৰ প্ৰাংগণত ভকত-বৈষ্ণৱৰ উপস্থিতিত আহোমসকলৰ আৰাধ্য দেৱতা চোমদেউলৈ পৰম্পৰা অনুসৰি ভোগৰ শৰাই অর্পণ, বন্তি প্রজ্বলন আৰু দুপৰীয়া ছাত্ৰছাত্ৰী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ সন্ধিয়া উপৰিপুৰুষলৈ শ্ৰদ্ধা নিবেদন কৰি সমূহীয়া বন্তি প্ৰজ্বলন আৰু নিশালৈ নাম-কীর্তন অনুষ্ঠিত হ'ব। কালিলৈ টাই পৰম্পৰাগত ৰীতি-নীতিয়ে বান ফি পূজা সম্পন্ন কৰাৰ লগে লগেই স্বৰ্গদেউসকলৰ লগতে তেওঁলোকৰ আৰাধ্য দেৱতাৰ সোঁৱৰণত ৪২ খন পায়সৰ শৰাই উচৰ্গা কৰা হ'ব। আনহাতে দিনৰ এক বজাত অনুষ্ঠিত হ'ব সভা ।
মনকৰিবলগীয়া যে, এই আহোম স্বর্গদেউ সকলৰ লগতে আৰাধ্য দেৱতা সকলক প্রতি বছৰে ফাগুন মাহৰ জোনৰ কৃষ্ণা চতুৰ্থীৰ দিনা সমগ্ৰ অসমীয়া জাতিৰ হৈ এই স্মৃতি তর্পণ অনুষ্ঠানটি ১৯৫২ চনৰ পৰা একেৰাহে কেৱল চৰাইদেউ মৈদাম স্থলিতে পালন কৰি অহা হৈছে।