/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/sara-ali-khan-3-copy.jpg)
ডিজিটেল ডেস্কঃ বলিউডত নতুনকৈ ভৰি ৰাখি ভাৰতীয় দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অভিনেত্ৰী ছাৰা আলী খান শনিবাৰে আহি উপস্থিত হয়হি গুৱাহাটীত। অসমৰ আৰক্ষী মহিলা কামাণ্ডো বেটেলিয়ানৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণৰ কৰাৰ উদ্দেশ্যে মহানগৰীত আহি উপস্থিত হয়হি অভিনেত্ৰীগৰাকী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/wp-content/uploads/2021/07/E5_ZhwZUYAActp7-scaled-228x300.jpg)
এই তথ্যচিত্ৰখনৰ শ্বুটিং হৈছে উত্তৰ গুৱাহাটীৰ মান্দাকাটাৰ অসম আৰক্ষীৰ মহিলা কামাণ্ডো বেটেলিয়ানত। উল্লেখযোগ্য যে, এই তথ্যচিত্ৰখনত এগৰাকী বীৰাংগনাৰ ভূমিকা ৰূপায়ন কৰিছে ছাৰা আলী খানে। বীৰাংগনা চৰিত্ৰ ৰূপায়ন কৰাৰ উদ্দেশ্যে অহা অভিনেত্ৰীগৰাকীয়ে অসম আৰক্ষী মহিলা কামাণ্ডো বেটেলিয়ানৰ বিষয়াসকলৰ সৈতে মত-বিনিময়ো কৰে আৰু লগতে অংশ লয় বীৰাংগনাসকলৰ প্ৰশিক্ষণত।

ইফালে, দেওবাৰে নীলাচল পাহাৰৰ বুকুত থকা মা কামাখ্যা মন্দিৰো দৰ্শন কৰে তেওঁ। তেওঁ তাত মা কামাখ্যাৰ আশীষ লোৱা ফটো ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, অহা ১৫ জুলাই, ২০২১ৰ দিনা ডিস্ক'ভাৰী (Discovery) চেনেলত এই তথ্যচিত্ৰখন সম্প্ৰচাৰিত হ'ব।