/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/san.jpg)
ডিজিটেল সংবাদ, চিৰাং : চাওতাল জনগোষ্ঠীয় লোক সকলক জনজাতিৰ মৰ্যাদাৰ প্ৰদান কৰা আৰু অস্তিত্ব ৰক্ষাৰ দাবীত মঙলবাৰে চিৰাঙত সদৌ চাওঁতাল ছাত্ৰ সন্থাই এক অভিনৱ পন্থাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । অসমত বসবাস কৰা চাওঁতাল জনগোষ্ঠীয় লোক সকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আৰু অসম চৰকাৰে চাওঁতাল জনগোষ্ঠীয় লোক সকলৰ নিজস্ব ভাষা, সাহিত্য, কলা সংস্কৃতিকক বিলুপ্ত কৰি চাওঁতাল জনগোষ্ঠীটোক চাহ জনজাতিৰ সৈতে চামিল কৰাৰ সিদ্ধান্তৰ প্ৰতিবাদ জনাই আজি চিৰাং জিলা সদৰ কাজলগাঁৱৰ সমীপৰ সুন্দৰীত এক বিশাল সাংস্কৃতিক প্ৰতিবাদী সমদল উলিওৱা হয় ।
আজিৰ এই বিশাল সাংস্কৃতিক সমদলত জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবা সহস্ৰাধিক পুৰুষ মহিলা, যুৱক যুৱতীয়ে চাওতাল সকলৰ পৰম্পৰাগত সাজপাৰ পিন্ধি, ঢোল -মাদলৰ তালে তালে নৃত্য গীত কৰাৰ লগতে হাতে হাতে চাওঁতাল জনগোষ্ঠীয় লোক সকলৰ বিভিন্ন দাবী সম্বলিত শ্লোগান লিখা প্লেকাৰ্ড লৈ সাংস্কৃতিক সমদলত অংশগ্ৰহণ কৰে ।
আজিৰ এই সাংস্কৃতিক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি সদৌ চাওতাল ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰীমেন চোৰেণে কয় যে অসম চৰকাৰে চাওতাল জনগোষ্ঠী সকলৰ নিজস্ব চহকী ভাষা, সাহিত্য, কলা সংস্কৃতি থকা স্বত্বেও চাওতাল জনগোষ্ঠীক বিলুপ্ত কৰি চাহ জনজাতিৰ সৈতে চামিল কৰাৰ যি পৰিকল্পনা কৰিছে, আজিৰ এই সাংস্কৃতিক প্ৰতিবাদী সমদলৰ জৰিয়তে অসম চৰকাৰক দেখুৱাই দিব বিচাৰিছো যে চাওতাল জনগোষ্ঠী এটা স্বতন্ত্ৰ জনগোষ্ঠী ।
চাওতাল জনগোষ্ঠীক বিলুপ্ত কৰাৰ সিদ্ধান্ত বাতিল অসম চৰকাৰে যদি নকৰে তেনেহলে আজি যেনেদৰে চাওতাল লোক ঘৰৰ পৰা ওলাই আহিছে আগলৈ আৰু কিমান সংখ্যক লোক ৰাজপথলৈ ওলাই আহিব সেয়া চৰকাৰে অনুমান কৰি লওঁক বুলি সকিয়াই দিয়ে ।
সদৌ চাওতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ উদ্যোগত উলিওৱা এই সাংস্কৃতিক প্ৰতিবাদী সমদল আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত সুন্দৰীৰ পৰা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সমাপ্ত কৰে । আজিৰ এই চাওতাল ছাত্ৰ সন্থাৰ সাংস্কৃতিক প্ৰতিবাদী সমদলৰ নেতৃত্ব প্ৰদান কৰে ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰীমেন চোৰেন। সমদলৰ অন্তত চাওঁতাল ছাত্ৰ সন্থাৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে ছয় দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।