নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত: মাকুমত শংকৰজ্যোতি বৰুৱা

নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত: মাকুমত শংকৰজ্যোতি বৰুৱা

author-image
asomiyapratidin
New Update
নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত: মাকুমত শংকৰজ্যোতি বৰুৱা

ডিজিটেল সংবাদ, তিনিচুকীয়া:- চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বৃহতৰ মাকুম অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনোৱাৰ উদেশ্যে মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মঙলবাৰে ইয়াৰ যুগল কিশোৰ কেষাণ স্মৃতি ভৱনত এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে ।

Advertisment

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই তেওঁৰ ভাষণত নিজৰ মাতৃভাষাক সন্মান কৰিবলৈ শিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায় । তেওঁ কয়, সপোন দেখিবলৈ নিজৰ মাতৃভাষা অতিকে প্ৰয়োজন। ইংৰাজীয়েই হওক কিম্বা আন ভাষাতেই হওক, যি ভাষাতেই শিক্ষাগ্ৰহণ নকৰা কিয়, নিজৰ মাতৃভাষাক সন্মান জনোৱা উচিত।

সামাজিক দায়বদ্ধতাৰে শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাগ্ৰহণ কৰি সমাজৰ উত্তৰণত ব্ৰতী হ'ব লাগিব । নিজৰ লগতে ভৱিষ্যত প্ৰজন্মক নিজৰ পথেৰে পাথেয় কৰি আগুৱাই যাব লাগিব । এই যাত্ৰাত বিফলতা আহিব পাৰে । কিন্তু বিফলতাই সফলতাও আনিব পাৰে বুলি তেওঁ মনব্যক্ত কৰি বিশ্বৰ বহু সফল লোকৰ উদ্ধৃতিৰে শিক্ষাৰ্থীসকলকো সফল জীৱনৰ বাট বুলিবলৈ আহ্বান জনায় । ইয়াৰ মাজতে এক আছুতীয়া সাক্ষাৎকাৰত আছুৰ সম্পাদকগৰাকীয়ে চৰকাৰক সমালোচনা কৰি দৈনিক উৎপাদিত সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে।

ইফালে মাকুমৰ সমাজকৰ্মী ৰবীন বৰুৱাই সভাপতিত্ব কৰা আজিৰ সভাত ডিগবৈৰ ব্যংগ সাহিত্যিক পুণ্য শইকীয়াই শিক্ষাৰ্থীসকলক উদ্দেশ্যি দিয়া তেওঁৰ শুভেচ্ছামূলক ভাষণত একাগ্ৰতাই সফলতাৰ শীৰ্ষত উপনীত কৰাব পাৰে বুলি মন্তব্য কৰে । তেওঁ সকলোকে একাগ্ৰতাৰে অধ্যয়ন আৰু অন্যান্য কৰ্মৰাজি আগবঢ়াই নিলে সফলতাৰ সেন্দুৰিয়া বাটেৰে বাট বুলিব পাৰিব বুলি উল্লেখ কৰে ।

আজিৰ অনুষ্ঠানত উপস্থিত থকা আছুৰ উপ-সভাপতি বিনয় ডুবে, মাকুম মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মালবিকা ভূঞা ফুকন, মাকুম গংগা বিচন চৌখানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নীলাক্ষী দত্ত, মাকুম গোপাল কৃষ্ণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীপালী চক্ৰৱৰ্তীয়েও সম্বৰ্দ্ধিত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বিভিন্ন পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় । অনুষ্ঠানৰ জৰিয়তে মাকুম অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথমস্থান লাভকৰা ৩৬ গৰাকী আৰু উচ্চতৰ মাধ্যমিকৰ ৫১ গৰাকী শিক্ষাৰ্থীসহ মুঠ ৮৭ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

আৰু পঢ়ক : নাৰী জাতিক অপমান কৰা পংকজ পাঠকৰ গ্ৰেপ্তাৰ কেতিয়া?

assam tinsukia