/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/LAKHIMPUR-29.jpg)
ডিজিটেল সংবাদ লখিমপুৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি দিনজোৰাকৈ লক্ষীমপুৰ সত্ৰীয়া সংগীত বিদ্যালয়ে (কে বি ৰোড, উত্তৰ লখিমপুৰ) সত্ৰৰ আৰ্হিত উদযাপন কৰে। এই উপলক্ষে পুৱাৰে পৰা খোল তালৰ প্ৰসঙ্গ, নাম প্ৰসঙ্গ ,নাদুভঙ্গি, ঝুমুৰা, চালি নৃত্যৰে গুৰুজনাক শিক্ষাৰ্থীসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ff1593d1-f18a-45af-9fed-5b800123894b-1024x768.jpg)
আনহাতে বিয়লি মাধৱদেৱে গুৰুজনাৰ বাৎসৰিক তিথিত নিবেদন কৰা ভোজন বিহাৰ ঝুমুৰাখনিও পৰিৱেশন কৰাৰ পৰম্পৰাৰ ধাৰাবাহিকতা অব্যাহত ৰাখে বিদ্যালয়খনিয়ে। লখিমপুৰ বাসীৰ সহযোগত সত্ৰীয়া সংস্কৃতিৰ বিদ্যাপীঠখনত গুৰুৰ গুৰু পৰমগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাক তিৰু ভাৱ তিথিত সশ্ৰদ্ধ সোঁৱৰণ কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/720beabd-2447-4fdb-ab9e-f656fb7baf49.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us