দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰামৰাইকুটি সত্ৰ…

দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰামৰাইকুটি সত্ৰ…

author-image
asomiyapratidin
New Update
দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত ৰামৰাইকুটি সত্ৰ…

ডিজিটেল সংবাদ ধুবুৰীঃ ৰূপান্তৰৰ খনিকৰ তথা অসমীয়া সমাজৰ প্ৰাণস্বৰূপ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। এই তিথি উপলক্ষে আজি পুৱাৰে পৰা ধুবুৰীৰ বিভিন্ন সত্ৰ আৰু নামঘৰ হৰিনাম ধ্বনিৰ মুখৰিত হৈ পৰিছে।

Advertisment

বিশেষকৈ জিলাখনৰ গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰ, জিনকাটা সত্ৰ আৰু বিভিন্ন নামঘৰত দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰামৰাইকুটি সত্ৰত আজি ৰাতিপুৱাৰ পৰা পুৱাগীত, নামঘোষা, কীৰ্তন ঘোষা পাঠ কৰাৰ পাছত গায়ন-বায়ন, বিহাৰ নৃত্য, ওজাপালি, কীৰ্ত্তনীয়া আদি কাৰ্যসুচী পালন কৰা হয়। অন্যহাতে জিলাখনৰ বিলাসীপাৰাত "মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ তম তিৰোভাৱ তিথি উদ্‌যাপন সমিতিয়ে" সোমবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাজহুৱাভাবে গুৰুজনাৰ তিৰোভাৱ তিথি বৃহত্তৰ নয়াপাৰাবাসী সমাজে উদ্‌যাপন কৰে ।

এই উপলক্ষে ৰাতিপুৱা ৬.৩০ বজাত ঠগী স্থাপন, ৭.৩০ বজাত ভাগৱত পাঠ,৯-০০ বজাত নয়াপাৰা আই সকলৰ নাম কীৰ্ত্তন, ১০ -০০ বজাত দেবীতলা দলৰ নাম কীৰ্ত্তন, ১১-৩০ বজাত বাৰ্ষি(পুৰুষ) দলৰ নাম কীৰ্ত্তন, দুপৰীয়া ১-০০ বজাত নয়াপাৰা (মহিলা) দলৰ নাম কীৰ্ত্তন, ২.৩০ বজাত বাৰ্ষি(পুৰুষ) দলৰ নাম কীৰ্ত্তন, আবেলী ৪-০০ বজাত ভাগৱত পৰিক্ৰমা, সন্ধিয়া ৬-০০ বজাত বিষ্ণুপ্ৰিয়া মহিলা নাগৰা নাম (বৈঠকী নাম) দলৰ নাম কীৰ্ত্তন আদি অনুষ্ঠিত হয়। জিলাখনৰ সকলো সত্ৰ আৰু নামঘৰত ডবা খোল তাল আদিৰ সুমধুৰ শব্দই ৰজনজনাই থকাত ধুবুৰী জিলা দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। জিলাখনত নামৰ প্ৰেম অমৃতৰ নদী বৈছে সত্ৰ-নামঘৰত।

assam dhuburi sankardeva