/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/MADHUPUR-29.jpg)
ডিজিটেল সংবাদ ধুবুৰীঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৈকুণ্ঠপ্ৰয়াণ থলী মধুপুৰ সত্ৰত আজি গাম্ভীৰ্যপূৰ্ণভাৱে গুৰুজনাৰ তিথি উদযাপন কৰা হয়। লণ্ডন, তিনিচুকীয়া, মাজুলী, কামৰূপ, ওদালগুৰি, ধুবুৰী, নগাঁও আদি দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ ভকতসকলে বৰগীত, প্ৰসংগ,নামকীৰ্তন পৰিৱেশন কৰি সত্ৰ প্ৰাঙ্গন মুখৰিত কৰি তোলে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bc8edda5-2076-45c7-a61b-0a826778384f-1024x805.jpg)
আনহাতে স্থানীয় আইসকলে ঘোষা নাম পৰিৱেশন কৰে। ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই এই উপলক্ষে আজি মধুপুৰ সত্ৰৰ উদ্যানত সাঁচিপুলি ৰোপণ কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচী উদ্বোধন কৰে লণ্ডনত চিকিৎসা সেৱা আগবঢ়াই অহা গোলাঘাটৰ অসমীয়া চিকিৎসক ড° অংকুৰ কাকতিয়ে।
সত্ৰখনৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ৰায়, ধৰ্মাচাৰ্য মাধৱ দেৱ মহন্ত কমলাবাৰী সত্ৰৰ ভকত সজ্জন, ওদালগুৰি জিলাৰ গেলাবিল সত্ৰৰ ভকত সজ্জন, শুৱালকুছিৰ হাটীসত্ৰৰ ভকত সজ্জন, তিনিচুকীয়া জিলা, নগাঁও জিলা, কামৰূপ জিলা, ধুবুৰী জিলা আদিৰ পৰা অহা ধৰ্মপ্ৰাণ সকলে বৰগীত ,প্ৰসংগ, দিহানাম আদিত অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/e6c0064d-1dbe-451c-a11b-cf8ddd000248-1-576x1024.jpg)
আনহাতে ২৮ আগষ্টৰ সন্ধিয়া ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাই সাঁচিপাতৰ পুথি সংৰক্ষণ সম্পৰ্কীয় এক আলোচনাও অনুষ্ঠিত কৰে।ইয়াত ভাৰতীয় নৃকুল গ্ৰন্থাগাৰ সংস্থাৰ আহ্বায়ক ড° হৰিচৰণ দাস, সংস্থাৰ সাংগঠনিক সম্পাদক মাধৱ দেৱ মহন্ত, কমলাবাৰী সত্ৰৰ ভকত চন্দ্ৰ হাজৰিকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us