/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/345e4217-0e7e-4720-9261-dd3e24a37b3b/juk.jpg)
ডিজিটেল সংবাদ, বালিপৰাঃ বালিপৰা শংকৰদেৱ শিশু নিকেতনত ১৫ খন নিকেতনৰ ২০০ ছাত্র-ছাত্রীৰ মাজত অনুষ্ঠিত হয় গণিত বিজ্ঞান মেলা৷ বালিপৰা শংকৰদেৱ শিশু নিকেতনত শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত তেজপুৰ বিভাগৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত গনিত-বিজ্ঞান মেলা বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি গনেশ দাসে৷
গনিত-বিজ্ঞান মেলাত তেজপুৰ বিভাগৰ ১৫ খন নিকেতনৰ প্রায় ২০০ ছাত্র-ছাত্ৰীয়ে বিজ্ঞানৰ বিভিন্ন বিষয়বস্তুৰ আৰ্হি প্রস্তুত কৰি প্ৰদৰ্শন কৰে ৷ ছাত্র-ছাত্ৰী সকলৰ মাজত বিজ্ঞান আৰু বৈদিক গণিতৰ ওপৰত কুইজ প্রতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷
Also Read: 'ইণ্ডিয়া' নহয়! মোডী চৰকাৰে সলনি কৰিলে আমাৰ দেশৰ নাম...