টাই-আহোম জনগোষ্ঠীৰে আলোচনাত বহিবলৈ আগ্ৰহী শ্ৰীমন্ত শংকৰদেৱ সংঘ...

প্ৰধান সম্পাদক বাবুল বৰাই স্পষ্ট কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে চকলং বিবাহৰ সম্পৰ্কত কোনো সিদ্ধান্ত দিয়া নাই

author-image
Asomiya Pratidin
New Update
টাই-আহোম জনগোষ্ঠীৰে আলোচনাত বহিবলৈ আগ্ৰহী শ্ৰীমন্ত শংকৰদেৱ সংঘ...

sankar sangha

ডিজিটেল সংবাদ, নগাঁও : শেহতীয়াকৈ চকলং বিবাহকে ধৰি একাধিক বিষয়ত শ্ৰীমন্ত শংকৰদেৱ সংঘ বিৰ্তকত সোমাই পৰাত সংগঠনটোৱে শনিবাৰে নিজৰ স্থিতি স্পষ্ট কৰিছে ৷ নগাঁৱত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগে সংগঠনটোৰ প্ৰধান সম্পাদক বাবুল বৰাই স্পষ্ট কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিয়ে চকলং বিবাহৰ সম্পৰ্কত কোনো সিদ্ধান্ত দিয়া নাই ৷

Advertisment

স্থানীয়ভাৱে কোনো শাখা সমিতিয়ে লোৱা ব্যৱস্থা কেন্দ্ৰীয় সমিতিয়ে পৰ্যালোচনা কৰা নাই ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘই জাতি জনগোষ্ঠী, ৰীতি নীতি পৰম্পৰাক বিৰোধ নকৰে ৷ শ্ৰদ্ধাহে কৰে ৷ স্থানীয়ভাৱে গ্ৰহণ কৰা সিদ্ধান্তৰ ক্ষেত্ৰত সংঘই আত্মীয়তা আৰু বুজাপৰাৰে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আগ্ৰহী ৷

প্ৰধান সম্পাদক বাবুল বৰাই লগতে কয় যে টাই আহোম জনগোষ্ঠীয় সংগঠন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মাজত যি সংঘাতপূৰ্ণ পৰিস্থিতি সৃষ্টি হৈছে তাৰ বাবে দুখ প্ৰকাশ কৰি বিষয়টো আলোচনাৰ মাজেৰে সমাধান কৰিবলৈ ইচ্ছুক বুলি প্ৰধান সম্পাদক বৰাই সদৰি কৰে ৷

লগতে বৰাই জনাই যে সংঘ এটি স্বেচ্ছাসেৱী , গনতান্ত্ৰিক অনুষ্ঠান ৷ এখনি লিখিত সংবিধানৰ ভিত্তিত পৰিচালিত হয় অনুষ্ঠানটি ৷ সংঘৰ সংগী বা সদস্যই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল নীতি ভংগ কৰিলে অনুশাসনমূলক সিদ্ধান্ত লোৱাৰ ব্যৱস্থা আছে ৷

এই নীতি সংঘৰ সংগীৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি সংবাদমেলত স্পষ্ট কৰে প্ৰধান সম্পাদক বাবুল বৰাই ৷ সংবাদমেলত সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈও উপস্থিত থাকে ৷

assam nagaon srimanta sankardev sangha