/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/bihpuria.jpg)
ডিজিটেল সংবাদ, নাৰায়ণপুৰ : উত্তৰ পূব ভাৰতৰ অগ্ৰণী ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ ষষ্ঠ দ্বি-বাৰ্ষিক অধিবেশন, খেৰাজখাত আঞ্চলিক শাখাৰ ৫২ সংখ্যক বাৰ্ষিক অধিবেশন আৰু সাৰজান প্ৰাথমিক শাখাৰ অধিবেশনৰ গোহাৰি আৰু আদৰণী সমিতিৰ এখনি তোৰণ শনিবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।
সাৰজান প্ৰাথমিক শাখাৰ নামঘৰত জিলা শাখাৰ সম্পাদক ব্ৰজেন শইকীয়া আৰু খেৰাজখাত আঞ্চলিক শাখাৰ সম্পাদক ৰামনাথ বৰাই আঁত ধৰা এখন বিশেষ সভাত ২০২৩ বৰ্ষৰ ৬, ৭ আৰু ৮ জানুৱাৰীত তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা অধিৱেশনৰ গোহাৰি উন্মোচন কৰে বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ সভাপতি গোলাপ বৰুৱাই।
উক্ত অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিহপুৰীয়া-নাৰায়ণপুৰ জিলা শাখাৰ উপ-সভাপতি অনিল দত্ত, জিলা শাখাৰ প্ৰতিস্থাপক সভাপতি তথা মূলৰ সদস্য প্ৰদীপ ভূঞা, আদৰণী সমিতিৰ সভাপতি যোগেশ্বৰ নেওগ, কাৰ্যকৰী সভাপতি সোনেশ্বৰ বৰা, আঞ্চলিক শাখাৰ উপ-সভাপতি লোহিত বৰা, আদৰণী সমিতিৰ সম্পাদক মুকুন্দ মাধৱ বৰা, জিলা প্ৰচাৰ শাখাৰ সম্পাদক জগত গগৈ, প্ৰচাৰ শাখাৰ সদস্য ৰাম শইকীয়া আঞ্চলিক শাখাৰ সদস্য সঞ্জীৱ নেওগ আদি ভালেসংখ্যক পুৰুষ-মহিলা উপস্থিত থাকে।
আনহাতে উক্ত সভাখনৰ পিছতে আদৰণি সমিতিয়ে নিৰ্মাণ কৰি উলিওৱা আদৰণি তোৰণখন উন্মোচন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূলৰ সদস্য প্ৰদীপ ভূঞাই।