/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/sankardev-school.jpg)
ডিজিটেল সংবাদ বটদ্ৰৱাঃ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সোমবাৰৰ পৰা আৰম্ভ হ'ল বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ পাঠদান কাৰ্য্যসূচী।কোভিড নীতি নিয়ম মানি খোল খালে শ্ৰেণীকোঠাৰ দুৱাৰ। বটদ্ৰৱাটো ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত বহুদিনৰ পাছত শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয় প্ৰাংগনত ইজনে সিজনক লগ পাই উৎফুল্লিত হৈ পৰে।
চৰকাৰৰ নীতি নিৰ্দেশনা মানি শ্ৰেণীকোঠাত ৩০ গৰাকী ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আৰম্ভ কৰিলে পাঠদান। মহাবিদ্যালয়ৰ অধ্যক্ষই ছাত্ৰ ছাত্ৰী সকলক কোভিড প্ৰ'টকল ৰক্ষা কৰি মাস্ক, ছেনিটাইজাৰ ব্যৱহাৰ কৰি অতিকমেও এটা কোভিড ভেকচিন গ্ৰহণ কৰি মহাবিদ্যালয়লৈ আহিবলৈ আহ্বান জনালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us