/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/nan.jpg)
ডিজিটেল সংবাদ , নগাঁও : ৰাজ্য চৰকাৰৰ প্ৰাক্তন প্ৰশাসনিক বিষয়া শঙ্কৰ প্ৰসাদ কাকতী বৰাৰ পৰলোক প্ৰাপ্তি ৷ নতুন দিল্লীত বুধবাৰে দুপৰীয়া ভাগত কাকতী বৰাৰই শেষ নিশ্বাস ত্যাগ কৰে ৷ শঙ্কৰ প্ৰসাদ কাকতী বৰাৰ মৃত্যুত নগাঁৱত পৰিছে শোকৰ ছাঁ ৷
১৯৫২ চনৰ ২ নবেম্বৰত জন্ম গ্ৰহণ কৰা প্ৰয়াত কাকতী বৰা ৰাজ্য চৰকাৰৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰি ৰাজ্যৰ সাংস্কৃতিক দিশত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ৷ কাৰাগাৰ সমূহৰ মহা পৰিদৰ্শক হিচাপে কৰ্তব্য পালন কৰাৰ সময়ত ৰাজ্যৰ কাৰাগাৰ সমূহৰ সংস্কাৰ সাধনৰ কামটো ব্ৰতী হৈছিল ৷ দীৰ্ঘ দিনে মধুমেহ ৰোগত আক্ৰান্ত হৈ থকা শঙ্কৰ প্ৰসাদ কাকতী বৰাৰ কিছুদিন পূৰ্বে এক জটিল হৃদৰোগৰ অস্ত্ৰোপ্ৰচাৰো হৈ গৈছিল ৷ ইয়াৰ মাজতে বুধবাৰে মহাপ্ৰয়ান ঘটে কাকতী বৰাৰ ৷
নগাঁও চহৰৰ পানীগাঁৱৰ নিবাসী শঙ্কৰ প্ৰসাদ কাকতী বৰাই চিকিৎসাজনিত কাৰণত দীৰ্ঘ দিন নতুন দিল্লীত থাকি চিকিৎসা গ্ৰহণ কৰি আছিল ৷ ৭০ বছৰ বয়সত মৃত্যুক সাৱতি লোৱা শঙ্কৰ প্ৰসাদ কাকতী বৰাই মৃত্যুৰ সময়ত দুই কন্যাক এৰি থৈ গৈছে ৷
আৰু পঢ়ক: যৌন কেলেংকাৰীৰ অভিযুক্ত এ ডি পি কলেজৰ অধ্যক্ষক চাকৰিৰ পৰা নিলম্বন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us