অসমক এদিন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব শংকৰদেৱ শিশু নিকেতনে...

"অসমক এদিন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব শংকৰদেৱ শিশু নিকেতনে। আধ্যাত্মিক চিন্তা চৰ্চা, নৈতিক শিক্ষা, সংস্কাৰ শিক্ষা, শিপাৰ সন্ধান, শিক্ষাৰ্থীৰ ব্যৱহাৰিক আচৰন এইবোৰ নিকেতনৰ শিক্ষা ব্যৱস্থাৰ বিশেষত্ব।
অসমক এদিন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব শংকৰদেৱ শিশু নিকেতনে...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "অসমক এদিন বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব শংকৰদেৱ শিশু নিকেতনে। আধ্যাত্মিক চিন্তা চৰ্চা, নৈতিক শিক্ষা, সংস্কাৰ শিক্ষা, শিপাৰ সন্ধান, শিক্ষাৰ্থীৰ ব্যৱহাৰিক আচৰন এইবোৰ নিকেতনৰ শিক্ষা ব্যৱস্থাৰ বিশেষত্ব। এই মন্তব্য বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা অসম চৰকাৰৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীৰ।

দেওবাৰে শংকৰদেৱৰ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ শেষৰ দিনা মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেওঁ লগতে কয় যে, "প্ৰত্যেক শিশুৰ মাজত নিজা টেলেন্ট থাকে, তাক উলিয়াই অনাৰ দ্বায়িত্ব অভিভাৱক আৰু শিক্ষকৰ।" লগতে তেওঁ ছাত্ৰ ছাত্ৰীক উদেশ্যে কৰি কয়, "বিহ আৰু অমৃত একে হ'ব নোৱাৰে। শিক্ষাৰ্থী সকলে বিহ আৰু অমৃতৰ পাৰ্থক্য বিচাৰি, অমৃত সেৱন কৰি, বিহ পৰিহাৰ কৰি জ্ঞানৰ অমৰত্ব আয়ত্ব কৰিব লাগে।"

১৯৯৮ চনতে নগাঁও জিলাৰ সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়া প্ৰতিষ্ঠা হৈছিল। গৌৰৱোজ্জ্বল ২৫ বছৰ উপলক্ষে শিক্ষানুষ্ঠান খনিৰ ৰূপালী জয়ন্তী বৰ্ষটি যোৱা ২০২২ চনৰ ২১ জুনাৱাৰী পৰা ২০২৩ চনৰ ২১ জানুৱাৰীলৈ বৰ্ষজোৰা ভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ আছে। কালিৰে পৰা এই শংকৰদেৱ শিশু নিকেতন, ৰাইডঙীয়াৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে।

আজি আচাৰ্য ভদ্ৰেশ্বৰ বৰাই সঞ্চালনা কৰা এই মুকলি সভাত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি এনডি২৪ চেনেলৰ স্বতাধিকাৰ কিশোৰ বৰা, ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ডঃ মোহনী মোহন ডেকাই ছাত্ৰ ছাত্ৰীক উদেশ্যে মবাইলৰ অপকাৰীতা আৰু শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত সাৱলীল ভাষন প্ৰদান কৰে। নিকেতনৰ প্ৰধান আচাৰ্য পৰাগধৰ শইকীয়া, নিকেতন পৰিচালনা সমিতিৰ সভাপতি নৱ কমল ৰাজা, সমাজকৰ্মী ৰোহিনী বৰা, উমা হাজৰিকা, আইভেটী গাঁও পঞ্চায়তৰ সভাপতি দেহিৰাম বৰাকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থকা সভাখনত কবিন পাটৰৰ সম্পাদনাত নিকেতনৰ ৰূপালী জয়ন্তী বিশেষ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰে হৃষিকেশ গোস্বামীয়ে।

ইফালে আজি পুৱা নিকেতনৰ বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা এটি বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। জাতীয়, জনগোষ্ঠীয় সাংস্কৃতিক প্ৰতিফলিত কৰি উলিওৱা বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি কৰে সমাজকৰ্মী ৰোহিনী বৰাই। সন্ধ্যা ৬ বজাৰ পৰা অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত লোক বাদ্যৰ অনুষ্ঠানৰ উপৰি জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই গীতে সহস্ৰাধিক দৰ্শক শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

আনহাতে কালিৰে পৰা অনুষ্ঠিত ৰূপালী জয়ন্তী সামৰনি অনুষ্ঠান উপলক্ষে নিকেতনৰ আচাৰ্য-আচাৰ্যা, ছাত্ৰ ছাত্ৰী, অভিভাৱক-অভিভাৱিকা, পৰিচালনা সমিতিৰ বিষয় ববীয়া, প্ৰাক্তন ছাত্ৰ ভাৰতীৰ সদস্য, অতিথি সকলৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কাৰ্যসূচী অনুসৰি কালি পুৱা বন্তি প্ৰজ্বলন কৰে ভোগবাৰী সত্ৰৰ সত্ৰাধিকাৰ লীলা মহন্তই। বন্তি প্ৰজ্বলনৰ পাছতে শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা সমিতি তথা ৰূপালী জয়ন্তী উদযাপনৰ সমিতিৰ সভাপতি নৱকমল ৰাজাই, মূল পতাকা উত্তোলন কৰাৰ পাছতে শিশু নিকেতনৰ লগত জড়িত অঞ্চলৰ ২৫ গৰাকী গন্য মান্য ব্যক্তিয়ে একেলগে ২৫ খন পতাকা উত্তোলন কৰে।

১০ বজাত প্ৰয়াত হীৰেন হিলৈদাৰী সোঁৱৰণত কলা আৰু বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে প্ৰসন্ন কুমাৰ কলিতাই। দুপৰীয়া অনুষ্ঠিত মুকলি সভা সঞ্চালনা কৰে প্ৰধান শিক্ষক বাপধন মহন্তই। নিকেতনৰ প্ৰধান আচাৰ্য পৰাগধৰ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটিত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কাৰ্যকৰ্তা নৃপেন বৰ্মন, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাসকে আদি কৰি কেইবাগৰাকী বিশেষ ব্যক্তিয়ে ভাষন প্ৰদান কৰে।

বিয়লি প্ৰাক্তন ছাত্ৰ ভাৰতীৰ মত বিনিময় অনুষ্ঠানত পল্লৱ জ্যোতি শইকীয়া , প্ৰদূন্ন্য পল শইকীয়া , শিৱ প্ৰসাদ বৰা , মনোৰঞ্জন শইকীয়া, জ্যোতিৰ্ময় হাজৰিকাকে আদি কৰি বহু প্রাক্তন ছাত্ৰই নিকেতনৰ অতীত সুঁৱৰি মত বিনিময় কৰে। কালিয়ে বিয়লি আচাৰ্য ভদ্ৰেশ্বৰ বৰাই আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে ভৱ্যা দৰ্শিনী শইকীয়া আৰু সংগীবৃন্দই পৰিবেশন কৰা বৰগীতৰ পাছতে নিকেতনৰ ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ভাৰতীৰ ছাত্ৰ ছাত্ৰী সকলে সত্ৰীয়া নৃত্য, দিহানাম, সমবেত সংগীত, আধুনিক গীতৰ মনোমোহা অনুষ্ঠান পৰিৱেশন কৰে।

আৰু পঢ়ক: তীব্ৰবেগী ট্ৰেভেলাৰৰ খুন্দাত থিতাতে প্ৰাণ গ'ল SSB জোৱানৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in