পীযুষ হাজৰিকাক মুকলি প্ৰত্য়াহ্বান APCC ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জু বৰুৱাৰ

পীযুষ হাজৰিকাক মুকলি প্ৰত্য়াহ্বান APCC ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জু বৰুৱাৰ

author-image
Asomiya Pratidin
New Update
পীযুষ হাজৰিকাক মুকলি প্ৰত্য়াহ্বান APCC ৰাজ্যিক সাধাৰণ সম্পাদক সঞ্জু বৰুৱাৰ

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ কুমলীয়া জুলাপাৰাত ব্ৰহ্মপুত্ৰ গৰাখহনীয়া পৰিদৰ্শন কৰি প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ড° সঞ্জু বৰুৱাই অপেন চেলেঞ্জ দিলে মন্ত্ৰী পিযুছ হাজৰিকাক।ড০সঞ্জু বৰুৱাৰ নেতৃত্বত যোৱা দলটোৱে গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি চৰকাৰ আৰু জল সম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাক তীব্ৰ বাক্যবানেৰে থকা সৰকা কৰে ।

Advertisment

তেওঁ কয় যে বিশ্বনাথ আৰু চতিয়াবাসী ৰাইজৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ পৰিবৰ্তে মন্ত্ৰী পিযুষ হাজৰিকাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰাপত্তা দিয়াত ব্যস্ত হৈ পৰিছে। কংগ্ৰেছ নেতা গৰাকীয়ে মন্ত্ৰী পিযুষ হাজৰিকাক মুকলি প্ৰত্যাহ্বান জনাই কয় যে মন্ত্ৰী পিযুষ হাজৰিকাৰ যদি সাহস আছে তেন্তে মোৰ লগত ডিবেটত বহক তেওঁৰ বিভাগৰ বিষয়ে এটা এটাকৈ ব্যৰ্থতা উদঙাই দিম।

উল্লেখ যে বিগত বহু বছৰ ধৰি বিশ্বনাথৰ কুমলীয়া অঞ্চলত অব্যাহত আছে বান আৰু তীব্ৰ গৰাখহনীয়া। যাৰ ফলত বিগত সময়ত বহু লোকে নিজৰ ঘৰ দুৱাৰ হেৰুৱাব লগীয়া হোৱাৰ লগতে বহু লোক মৃত্যুৰ মুখত পৰি আহিছে।ইফালে এই সমস্যা সমাধান কৰাৰ নামত বহু কোটি টকা আজি পৰ্যন্ত বহু টকা ব্যায় কৰা হ'ল যদিও আজি পৰ্যন্ত উক্ত অঞ্চলৰ লোকৰ নিৰাপত্তা সুনিশ্চিত নহ'ল।কেৱল বাৰিষাৰ সময়তে কাম আৰম্ভ কৰি এক প্ৰকাৰৰ খীৰতী গাই হিচাপে পৰিণত হৈছে উক্ত মথাউৰি।

Also Read: ২৮ সপ্তাহৰ গৰ্ভৱতী মহিলাক গৰ্ভপাতৰ অনুমতিঃ ধৰ্ষণ পীড়িতাক লৈ উচ্চতম ন্য়ায়ালয়ৰ বিশেষ শুনানি

apcc pijus hazarika