কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বৰবৰুৱাৰ সঞ্জীৱ কুমাৰ শৰ্মাই

 কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বৰবৰুৱাৰ সঞ্জীৱ কুমাৰ শৰ্মাই

ডিজিটেল সংবাদ, বৰবৰুৱাঃ জৈৱিক কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড় জিলাৰ লৰুৱা মৌজাৰ অন্তৰ্গত বৰবৰুৱাৰ জামিৰা মটক গাঁৱৰ সঞ্জীৱ কুমাৰ শৰ্মাই। প্ৰায় ১০ বিঘা মাটিত জৈৱিক ভাবে ১০১ বিধৰো অধিক শাক পাচলি আৰু ফল মূলৰ খেতি কৰি নিজৰ লগতে বহু নিবনুৱাক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিছে বৰবৰুৱাৰ সঞ্জীপ কুমাৰ শৰ্মাই।

কৃষি কৰ্ম আৰু অধ্যয়নৰ ধাৰা অটুত ৰাখি সঞ্জীৱ কুমাৰ শৰ্মাই ১৯৮১ চনত ডিব্ৰুগড় সমবায় সমিতিত সহকাৰী গাণনিক বিষয়া হিচাপে যোগদান কৰিছিল আৰু ২০১৪ চনত ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত সহকাৰী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰি ২০২০ বৰ্ষত অৱসৰ গ্ৰহণ কৰে। সঞ্জীৱ কুমাৰ শৰ্মাৰ জৈৱিক ভাবে উৎপাদিত শাক পাচলি আৰু ফল মূল সমূহে ডিব্ৰুগড়ৰ বিভিন্ন বজাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখনীয় বিষয় যে সাম্প্ৰতিক সময়ত হাজাৰ হাজাৰ নিৱনুৱাই চাকৰিৰ আশাত বহিঃৰাজ্যলৈ ঢাপলি মেলিব লগীয়া হৈছে ঠিক তেনে সময়তে বৰবৰুৱা জামিৰা মটক গাওঁৰ সঞ্জীৱ কুমাৰ শৰ্মাৰ জৈৱিক কৃষি কৰ্মই বহু নিবনুৱা যুৱকক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি তুলিছে।

 কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বৰবৰুৱাৰ সঞ্জীৱ কুমাৰ শৰ্মাই
চাৰ্লছ বিশ্ববিদ্যালয়ত গুলীচালনাঃ নিহত প্ৰায় ১৪ জন, আহত ২৪ জনৰ অধিক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in