/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/711712c0-8a9a-4629-8036-6dcc436352ea/Sangita.jpg)
ডিজিটেল ডেস্ক : অব্যাহত আছে শিশু নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ডা০ সংগীতা দত্তৰ জেৰা। মহানগৰীৰ পাণবজাৰ মহিলা আৰক্ষী থানাত সোমবাৰৰ নিশা ডা০ সংগীতা দত্তক জেৰা চলোৱাৰ পাছত মঙ্গলবাৰেও আব্যাহত ৰাখিছে এই জেৰা। এইক্ষেত্ৰত মনোৰোগ বিশেষজ্ঞ গৰাকীয়ে অতি চতুৰালি ভাৱে আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাৰ কথা প্ৰকাশ পাইছে।
আজি পুৱাৰ ভাগত নাটকীয় ৰূপত ডা০ সংগীতা দত্তই টুথব্ৰাছ বিচাৰি আৰক্ষীক হাৰাশাস্তি কৰাৰ কথাও প্ৰকাশ কৰে মহিলা আৰক্ষী বিষয়াই। মাত্ৰ ইমানেই নহয় আৰক্ষীৰ জেৰাৰ সময়তো মূল প্ৰশ্নৰ পৰা ফালৰি কাটিবৰ চেষ্টা কৰি জেৰা সঠিক ভাৱে হোৱাত বাধা আৰোপ কৰিবলৈ চেষ্টা কৰে। উল্লেখ্য যে, আজি দিনৰ ভাগত স্বাস্থ্য পৰীক্ষা কৰা হ'ব ডা০ সংগীতা দত্তৰ।
আনহাতে একেটা অভিযোগত অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ হোৱা ডা০ সংগীতা দত্তৰ স্বামী ডা০ ৱালিউল ইছলামকো আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে ৫ দিনৰ জিম্মাত লোৱা ডা০ ৱালিউল ইছলামৰ সময়সীমা পাৰ হোৱাৰ পিছত পুনৰ আৰক্ষীয়ে জিম্মাত ল'ব নে নাই সেইয়া হ'ব লক্ষণীয়।
Also Read: অসমীয়া যুৱকৰ সাফল্য: ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ 'দ্য মিউজ'...