
ডিজিটেল ডেস্ক : ৰাজ্যত তোলপাৰ লগোৱা শিশু নিৰ্যাতনৰ ঘটনাত আটক অভিযুক্ত ডা: সংগীতা দত্তক পুনৰ ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্রেৰণ। বিগত দিনত আৰক্ষীয়ে চলোৱা জেৰাৰ অন্তত ৭ দিনৰ জিম্মাত বিচাৰিছিল অভিযুক্ত চিকিৎসকগৰাকীক। পিছে আদালতে ৫ দিনৰ বাবেহে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে অভিযুক্ত গৰাকীক।
পূৰ্বৰ জিম্মাৰ ম্যাদ উকলাত আদালতত শুকুৰবাৰে হাজিৰ কৰোৱা হৈছিল ডা: সংগীতা দত্তক। আনহাতে বন কৰা মহিলা দুগৰাকীকো পুনৰ ৩ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হয়। লক্ষী ৰায় আৰু কাবাইক নামৰ বনকৰা কেইগৰাকীক ৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্রেৰণ কৰা হয়।
ইফালে এইপৰ্যন্ত আৰক্ষীৰ জিম্মাত আছে আনজন মূল অভিযুক্ত ডা: ৱালিউল ইছলাম। দুয়োজন মূল অভিযুক্তই এই পৰ্যন্ত স্বীকাৰ কৰা নাই অভিযোগক। সমান্তৰালভাবে আৰক্ষীৰ জেৰাত অতি চতুৰভাৱে উত্তৰ দিয়াৰ চেষ্টা চলাই অভিযুক্ত কেইগৰাকীয়ে।