অবৈধ বালি খনন বন্ধ কৰিবলৈ যোৱা স্থানীয় লোকক আক্ৰমণ বালি মাফিয়াৰ...

চিৰাঙং-বঙাইগাঁও সীমামূৰীয়া চম্পাৱতী নৈত অবৈধ শিল বালিৰ চিণ্ডিকেট চক্ৰৰ গুণ্ডাগিৰি

author-image
Asomiya Pratidin
New Update
অবৈধ বালি খনন বন্ধ কৰিবলৈ যোৱা স্থানীয় লোকক আক্ৰমণ বালি মাফিয়াৰ...

ডিজিটেল সংবাদ, চিৰাং : চিৰাং আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া চিকিবিকি গুনাপাৰাত চম্পাৱতী নৈত অবৈধ শিল বালি মহলৰ চিণ্ডিকেট চলোৱা গুণ্ডাবাহিনীৰ সৈতে স্থানীয় ৰাইজৰ প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে । চিণ্ডিকেট বাহিনীৰ আক্ৰমণত কেইবাজনো লোক আহত হৈছে । কালি বিজয়াদশমীৰ দিনা অৰ্থাৎ বুধবাৰ দুপৰীয়াৰ ভাগত চিকিবিকি-গুণাপাৰা গাঁৱৰ একাংশ ৰাইজে একত্ৰিত হৈ বালিমাফিয়াৰ গুণ্ডাগিৰি আৰু চম্পাৱতী নৈৰ অবৈধ ভাৱে চলা বালি খনন বন্ধ কৰাৰ দাবীত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছিলে ।

Advertisment

সেই সময়তে অবৈধ শিল বালিৰ মহলত সৈতে জড়িত লোকে গুণ্ডাবাহিনী লৈ স্থানীয় ৰাইজৰ ওপৰত আক্ৰমণ চলায় । এই সংক্ৰান্তত দুয়োপক্ষৰ পৰা চিৰাং জিলাৰ বাসুগাঁও থানাত আৰু বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীত পৃথকে পৃথকে দুখন এজাহাৰ দাখিল কৰে ।আশ্চৰ্য্যজনক কথা যে স্থানীয় ৰাইজৰ অভিযোগ উপেক্ষা কৰি অবৈধ শিল বালিৰ মহল চলোৱাৰ চিণ্ডিকেটৰ এজাহাৰৰ ভিত্তিত বাসুগাঁও থানাৰ আৰক্ষীয়ে আটক কৰিছে বঙাইগাঁও জিলাৰ চিকিবিকি- ঘুনাপাৰাৰ বাসিন্দা ছোফিয়াৰ শ্বেখ (২৭) আৰু ৰফিকুল আলী মণ্ডলক (৩৩) ।

চিৰাং জিলাৰ জনৈক আলংবাৰ বসুমতাৰীৰ নেতৃত্বত চলিথকা এই অবৈধ বালি মহলৰ বিৰুদ্ধে ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিয়াৰ পিছতো বনবিভাগৰ পৰা কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰাইজে।উল্লেখযোগ্য যে বন বিভাগৰ অনুমতি অবিহনে চম্পাৱতী নৈত দিন ৰাতি মেচিনেৰে চলাই আছে বালি খনন ফলত নামনি অংশত আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া, নৈৰ বুকুত জাহ গৈছে বিস্তৰ কৃষিভূমি অভিযোগ স্থানীয় কৃষক সকলৰ ।

লক্ষ্যণীয় বিষয় যে এই অবৈধ বালি মহলৰ বিৰুদ্ধে মাত মাতিলে বালি মাফিয়াই প্ৰহাৰ কৰে স্থানীয় ভুক্তভোগী ৰাইজক । কিন্তু অবৈধ মহল চলাই যোৱা বালি মাফিয়াৰ এনে কাৰ্য্য বন বিভাগৰ চকুত পৰা নাই নে ইয়াৰ আঁৰত অইন কিবা ৰহস্য লুকাই আছে তাক লৈ ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে ।

assam chirang