বান-গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব: সমুজ্জ্বল ভট্টাচাৰ্য

বান-গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব: সমুজ্জ্বল ভট্টাচাৰ্য

author-image
asomiyapratidin
New Update
বান-গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব: সমুজ্জ্বল ভট্টাচাৰ্য

ডিজিটেল সংবাদ, মৰিগাঁও: ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰ। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই।

Advertisment

তেওং কয় যে বান আৰু খহনীয়াই সংহাৰী ৰূপ লৈ অসমৰ মানুহ হাহাকাৰ ৷ এই সময়ত দিল্লীৰ পৰা এটা ফোন কৰি খবৰ এটা ল'লে নহ'ব ৷ বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগিব৷ অৰ্থনীতি ভেটি ভাঙি দিছে বানে৷

বৃহৎ নদীবান্ধয়ে নামনিত থকা ৰাইজক অপকাৰ হৈছে ৷ নামনি সোৱণশিৰী জলবিদ্যুৎ প্ৰকল্পয়ে নমনীয় জনসাধাৰণৰ ক্ষতি কৰিছে৷ বৃহৎ নদীবান্ধৰ অপকাৰীতাৰ বিষয়ে বিশেষজ্ঞ সকলে কৈ আছে৷৷

অসম আৰু কেন্দ্ৰীয় চৰকাৰী ইয়াৰ ব্যৱস্থা লব লাগিব নোলোৱালৈকে আছু ক্ষান্ত নহয় । আছুৰ প্ৰতিটো গোট আৰু সদস্যক বানৰ সময়ত ৰাইজৰ কাষত ঠিয় দিবলৈ আহ্বান আছুৰ মুখ্য উপদেষ্টা জনৰ৷

আৰু পঢ়ক: যমুনামুখৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ নিশা উপস্থিত সাংসদ আজমল

assam flood morigaon