চামগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

চামগুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত তেলেয়াগাঁৱত শনিবাৰে পুৱা এটি মৃতদেহ উদ্ধাৰ হয় ৷ মৃতদেহটো প্ৰায় ৪৫ বছৰীয়া এজন লোকৰ বুলি আৰক্ষীয়ে অনুমান কৰিছে ৷ কলঙৰ পৰা উদ্ধাৰ কৰা মৃতদেহটি পাঁচ, ছদিন পূৰ্বে মৃত্যু হোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷

স্থানীয় লোকে দুৰ্গন্ধৰ পম খেদি পানীৰ কাষত মৃতদেহটি প্ৰত্যক্ষ কৰি চামগুৰি আৰক্ষীৰ থানাক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰে ৷ মৃতদেহটি মানসিক বিকাৰ গ্ৰস্থ লোকৰ বুলি আৰক্ষী নিশ্চিত হৈছে যদিও পৰিচয় উদ্ধাৰ হোৱা নাই ৷

nagaon assam